স্বাস্থ্য প্ৰতিবেদন:
শীতকালত চর্দি-কাহৰ লগতে বিভিন্ন ধৰণৰ সংক্রমণৰ আশঙ্কাও বাঢ়ে। সেয়ে শৰীৰ গৰম কৰি ৰখাটো জৰুৰী। শৰীৰৰ বিশেষ যত্ন ল’বলৈ হ’লে ভৰসা কৰিব পাৰে কেৰেলাৰ ৰসৰ ওপৰত। কাৰণ কেৰেলাৰ বিভিন্ন উপাদানে শৰীৰ সুস্থ ৰখাত সহায় কৰে।
কেৰেলাৰ ৰসৰ উপকাৰিতা :
১) কেৰেলাৰ ৰস খালে ৰক্তত শর্কৰাৰ মাত্রা নিয়ন্ত্রণত থাকে। পুৱা এক গিলাচ কেৰেলাৰ ৰস খালে ৰক্তত শর্কৰাৰ মাত্রা বহুখিনি নিয়ন্ত্ৰণত থাকে।
২) কেৰেলাৰ ৰসে ৰক্ত পৰিষ্কাৰ কৰাই নহয় শৰীৰৰ সকলো দূষিত পদার্থও বাহিৰ কৰি দিয়ে।
৩) হজমশক্তি বৃদ্ধি কৰাতো কার্যকৰী কেৰেলাৰ ৰস। দৈনিক পুৱা কেৰেলাৰ ৰস খালে পেট পৰিষ্কাৰ হৈ থাকে আৰু ভোক বাঢ়ে।
কেৰেলাৰ ৰস কেনেদৰে বনাব?
দুটি কেৰেলা লওক। সৰু সৰু টুকুৰা কৰি কাটি গুটিবোৰ উলিয়াই দিয়ক। তাৰ লগত অলপ ক’লা নিমখ, জালুক, হালধি, আদাবটা দিয়ক। এক কাপমান পানী মিহলাই ৰস উলিয়াই তাত কেইফোঁটামান নেমুৰ ৰস মিহলাই খাওক। অৱশ্যে যদি এচিডিটিৰ সমস্যা থাকে তেন্তে নেমু নিদিয়াই ভাল।