মনোৰঞ্জনঃ
শেহতীয়াকৈ বলীউডৰ বহু প্ৰত্যাশিত ‘৮৩ ছবিখনৰ ট্ৰেইলাৰে মুক্তি লাভ কৰিছে। মুক্তি লাভৰ পিছতেই দৰ্শকে ইউটিউবত ভিৰ লগোৱা পৰিলক্ষিত হৈছে। যথেষ্ট ধনাত্মক মতামতেৰে ট্ৰেইলাৰটোক প্ৰশংসা কৰিছে জনসাধাৰণে। ছবিখন অহা ২৪ ডিচেম্বৰ তাৰিখে মুক্তি লাভ কৰিব। ৩ মিনিট ৪৯ ছেকেণ্ড দৈৰ্ঘ্যৰ ছবিখনৰ ট্ৰেইলাৰটোত ৰণবীৰ সিঙকে আদি কৰি ইয়াত অভিনীত প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰীৰ অভিনয়ৰ মজবুত দিশটো দেখিবলৈ পোৱা গৈছে। কবীৰ খানৰ দ্বাৰা পৰিচালিত এই ছবিখন ১৯৮৩ চনত ভাৰতে ৱ’ৰ্ল্ড কাপত জয়লাভ কৰা সময়ছোৱাৰ সৈতে জড়িত।
এই ছবিখনত বিশেষকৈ কপিল দেৱৰ ভূমিকা ৰূপায়ণ কৰা অভিনেতা ৰণবীৰ সিঙক অনুৰাগীয়ে প্ৰশংসা কৰিছে। কাৰণ, এই বিখ্যাত ক্ৰিকেটাৰ কপিল দেৱৰ চৰিত্ৰটিক পুংখানুপুংখভাৱে জনসাধাৰণৰ মাজলৈ লৈ অনাটো ইমান সহজ নহয় যদিও ৰণবীৰ সিঙে নিজ চৰিত্ৰটো সুন্দৰভাৱে ৰূপায়ণ কৰিছে বুলি মন্তব্য কৰে বহুজনে। ৰণবীৰ সিঙৰ সৈতে এই ছবিখনত দুটি গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব দীপিকা পাডুকন আৰু পংকজ ত্ৰিপাঠীক।