ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বৰ্ণাঢ্য কাৰ্যসূচীৰে বোকাখাতত বিশ্ব গঁড় দিৱস উদযাপনঃ শোভাযাত্ৰা, কবি সন্মিলন, চিত্ৰাংকন, ৰচনা, বাটৰ নাট প্ৰদৰ্শন

ASSAM TIMES POST by ASSAM TIMES POST
September 23, 2019
Reading Time: 1 min read
A A
0
বৰ্ণাঢ্য কাৰ্যসূচীৰে বোকাখাতত বিশ্ব গঁড় দিৱস উদযাপনঃ শোভাযাত্ৰা, কবি সন্মিলন, চিত্ৰাংকন, ৰচনা, বাটৰ নাট প্ৰদৰ্শন

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

অজন্তা তালুকদাৰ, বোকাখাতঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষৰ উদ্যোগত বােকাখাত মহকুমা সাংবাদিক সন্থা, বােকাখাত প্ৰেছ ক্লাব, ইলেক্ট্রনিক মেডিয়া জার্নালিস্ট এচোচিয়েচন, বোকাখাত মহকুমা কবি সন্মিলন, বোকাখাত নাট্য মন্দিৰ সমিতি, পুতি সাহিত্য সভা, সন্ধানী লেখিকা সমাৰােহ সমিতিৰ লগতে বিশ্ব প্রকৃতি নিধি, ৱাইল্ড লাইফ ট্রাস্ট অব ইন্ডিযা, আৰণ্যক আৰু ভূমিৰ বিশেষ সহযােগত বােকাখাতত কেন্দ্রীয় ভাৱে যোৱা ২২ ছেপ্টেম্বৰত দিন জোৰা কার্যসূচীৰে বিশ্ব গড় দিৱস উদযাপন কৰা হয়।

fe22ab20 97b4 43e0 812d 514dc2f9c278 | ASSAM TIMES POST

উক্ত দিৱসৰ লগত সংগতি পুৱাৰে পৰা গঁড়ৰ বর্ণাঢ্য শােভাযাত্রা, কবি সন্মিলন, ছাত্র-ছাত্রীৰ মাজত চিত্রাঙ্কন আৰু ৰচনা প্রতিযােগিতাৰ উপৰিও মুকলি সভাৰ আযােজন কৰা হয়। দিনজোৰা এই অনুষ্ঠানৰ পুৱা ৯ বজাৰ পৰা বােকাখাত নাট্য মন্দিৰত আয়ােজিত বোকাখাত মহকুমা কবি সন্মিলনৰ উদ্যোগত স্ব-ৰচিত কবিতা পাঠৰ এক অনুষ্ঠান আয়োজন কৰা হয়।

370c218c 8c63 44ae 9382 4059cc1d96e6 | ASSAM TIMES POST

অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈয়ে। বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি অমৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত কবিতা পাঠ অনুষ্ঠানত বক্তৃতা আৰু কবিতা পাঠেৰে শুভাৰম্ভ কৰে অসমৰ জনপ্ৰিয় প্ৰবীণ কবি, বিশিষ্ট নাট্যকাৰ, পৰিচালক ৰফিকুল হুছেইনে ।

a6f1c30a a179 4213 95a7 d7b3171b4dd7 | ASSAM TIMES POST

বোকাখাত মহকুমা কবি সন্মিলনৰ সম্পাদক মনালিছা শইকীয়াই আঁটধৰা অনুষ্ঠানত অপূৰ্ব্ব বৰদলৈ, ৰফিকুল হোছেইন, অজিৎ গগৈ, শৰৎ হাজৰিকা, নবীন দত্ত, বুবুল দত্ত, জিতু শৰ্মা ৰাজখোৱা, ভৱানন্দ কলিতা, পল্লৱ হাজৰিকা, হিমাঞ্চল দত্ত, পাৰবিজুল হক, পংকজ কালিন্দী, মিলন বৰা, মনো বৰা, অচ্যুৎ হাজৰিকা, মনোৰঞ্জন সেন, হৰি প্ৰসাদ বৰঠাকুৰ, মুহিৰাম লইং, মৃদুস্মিতা শৰ্মা, মনালিছা পপী শইকীয়া, অমল দাৱ, তৰুণ গগৈ, তৰুণ দলে, সাক্ষীৰাম মাহাত্বো, গোবিন কাকতি, উৎপল কুমাৰ শৰ্মা, তৰুণ ৰাজখোৱা, কমল গগৈ, অন্নদা শইকীয়া, নিজৰা বৰঠাকুৰ, কল্পনা চেতিয়া, সূৱৰ্ণ শইকীয়া বৰদলৈ, পদুমী গাজলু, চন্দ্ৰপ্ৰভা ডেকা শইকীয়া, পুতলী খাউণ্ড, শান্তি দত্ত বৰদলৈ, ৰিজু শইকীয়া বৰদলৈ, প্ৰীতিমা ৰাজখোৱা, গীতাঞ্জলি কলিতা, আৰতি বৰা হাজৰিকা, লীলাৱতী গোঁহাই গগৈ, হিমলতা বৰুৱা, গীতিৰেখা দত্ত, ৰিমঝিম শইকীয়া, চিম্পী শইকীয়া, ডালিমী নাথ, অৰ্চ্চনা ভট্ৰাচাৰ্য, ৰেবা গগৈ, দৃষ্টিৰূপা বৰদলৈ, লোকপ্ৰিয়া বৰা, ৰূপজ্যোতি শইকীয়া গগৈ, পপী শইকীয়া, মঞ্জুমণি চাৰহ, মণিকংকনা বৰবৰা, ড° বৰ্ণালী বৰুৱা, লিম্পী পাঠক, কৃষ্টিনা হাজৰিকা, অমৰ শৰ্মাই কবিতা পাঠ কৰে।

073955fe ecb0 4dda 9383 5e7865b55550 | ASSAM TIMES POST

অনুষ্ঠানটিৰ সঞ্চালক অমৰ শৰ্মাই সকলোকে সম্বোধি ধন্যবাদ আৰু কৃতজ্ঞতা জনায়। গঁড় দিৱসৰ উপলক্ষে বোকাখাতৰ “নাট্যম বোকাখাত” ৰ নাট্যদলটিক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গবেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই আদৰণি জনায় ।

ba4d64aa 8f3d 4505 a8bb efb6ec56fd7d | ASSAM TIMES POST

দলটিয়ে বোকাখাত, বিহৰা বজাৰ, আৰু কহঁৰাত বাটৰ নাট প্ৰদৰ্শন কৰে । বাটৰ নাটৰ অভিনয় শিল্পী সকল আছিল ৰাতুল ফুকন, ঋতুপৰ্ণ চৌধুৰী, তৰুণ তীৰ্থ শইকীয়া, প্ৰণৱ শইকীয়া আৰু শিল্পীশিখা শৰ্মা । মুকলি সভাৰ আৰম্ভণি গীতাঞ্জলী কলিতাৰ ৰচনা আৰু পৰিচালনাৰে গঁড়ৰ ওপৰত আধাৰিত দিহা নামেৰে হয় ।

d49276e4 9caa 4c65 95e1 a4ca372701d5 | ASSAM TIMES POST

গীতাঞ্জলী কলিতাই আঁট ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাই গঁড় দিৱসৰ ওপৰত বক্তব্য ৰাখে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ , পুৱ অসম বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিনী বল্লভ শইকীয়া, অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, উজনি অসম চক্ৰ বন সংৰক্ষক ৰঞ্জন কুমাৰ দাস , জ্যেষ্ঠ সাংবাদিক ভৱেশ শইকীয়া, সাহিত্যিক পেঞ্চনাৰ অন্নদা শইকীয়া আদিয়ে ভাষন দিয়ে। সভাত নাকেৰে চিত্ৰ আঁকি সকলোকে আপ্লুত কৰে শিৰোমণি দলেয়ে ।

36e4bba2 f20b 49c1 8dae 8b639d71eb03 | ASSAM TIMES POST

চিত্ৰাংকন প্ৰতিযোগিতাৰ শিৰোমণি দলেৰ নিজা শিতানত ক্ৰমে ৰাহুল ৰায় , মিঠু বৰুৱা আৰু আদিত্য শইকীয়া প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। গঁড় দিৱসৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ উচ্চ শাখাত ক্ৰমে টিনা নাথ , প্ৰিঞ্চীপ্ৰিয়া দলে , আৰু প্ৰজ্ঞাছাঁয়া কায়স্থ , আৰু নিম্ন শাখাত ক্ৰমে গৌতম বৰা , ৰিতেন তাঁতি আৰু আয়ুথন ফাংচুয়ে প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে। ৰচনাত চনী শৰ্মা, ধনদা বৰ্মন, আৰু দিব্যজ্যোতি নাথ আৰু পৰিস্মিতা গগৈয়ে প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।

40d03250 1574 4587 891d e0a1586f6838 | ASSAM TIMES POST

প্ৰতিযোগি সকলক সভাতে পুৰষ্কাৰ বিতৰণ কৰা হয়। সাংবাদিক আৰু বন্যপ্ৰেমী উত্তম শইকীয়া আৰু ৰবীন্দ্ৰ শৰ্মাই দৃশ্য শ্ৰাৱ্য মাধ্যমৰ যোগেদি গঁড় সম্পৰ্কীয় তথ্য চিত্ৰ প্ৰদৰ্শন কৰে । গঁড়ৰ প্ৰতীক নিৰ্মাতা দুলাল বৰা আৰু মঞ্চ সজাই তোলা মুনীন্দ্ৰ বৰদলৈক সম্বৰ্ধনা জনোৱা হয়। সভাত বন বিভাগৰ উপৰিও , মহকুমা প্ৰশাসন , আৰক্ষী বিষয়া আৰু বহু দল সংগঠনৰ লোক উপস্থিত থাকে।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry
Assam

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

by Staff Reporter
July 27, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

by News Desk
July 24, 2026
50
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
ADVERTISEMENT
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
50
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel
National-International

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

July 27, 2026
50
Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions
NORTHEAST

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

July 27, 2026
50
Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry
Assam

Assam MLA Hitendra Nath Goswami Defends Foreign Trip Amid Flood Outcry

July 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

July 27, 2026
Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

July 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx