স্বাস্থ্য প্ৰতিবেদন:
স্বাভাৱিক জৈৱিক ঋতুস্ৰাবৰ প্রক্রিয়া চক্রত বাধা আহিলে দুশ্চিন্তাত ভোগে মহিলাসকল। ঋতুস্রাবৰ চক্রত পৰিবর্তন হ’লে আৰু অনিয়মিত হ’লে একাধিক শাৰীৰিক সমস্যাই দেখা দিয়াৰ লগতে ভবিষ্যতে গর্ভধাৰণক লৈও বহুতৰে দুশ্চিন্তা হয়।
চিকিৎসকৰ মতে, শৰীৰত হৰমোনৰ ভাৰসাম্য ঠিকে নাথাকিলে ঋতুস্রাবৰ বিভিন্ন সমস্যাই দেখা দিয়ে। তাৰ উপৰি জীৱন-ধাৰণ আৰু খাদ্যাভ্যাসৰ ওপৰতো ঋতুস্রাবৰ চক্ৰ নির্ভৰ কৰে। অৱশ্যে এই সমস্যাৰ পৰা মুক্তিৰো উপায় আছে।
পুষ্টিবিদসকলৰ মতে, জীৱন-ধাৰণৰ মানৰ ওপৰত ঋতুস্রাবৰ চক্র বহুখিনি নির্ভৰ কৰে। কিন্তু যিসকলে দীর্ঘদিন ধৰি এই সমস্যাত ভুগিছে, তেওঁলোকে ডায়েটৰ তালিকা সলনি কৰাৰ সময় আহিছে।
১. অনিয়মিত ঋতুস্রাবৰ সমস্যা থাকিলে পলি আনছেচুৰেটেড ফেটি এচিডযুক্ত খাদ্য খোৱা উচিত। আখৰোট, চয়াবিন তেল, সূৰ্যমুখী ফুলৰ তেল, বাদাম, মাখন এইবোৰ ডায়েটত যুক্ত কৰিব পাৰে।
২. ফোলেট অর্থাৎ ফলিক এচিডে ঋতুস্রাবৰ চক্র স্বাভাৱিক ৰখাত যথেষ্ট সহায় কৰে। সেউজীয়া শাক-পাচলি, বিভিন্ন ধৰণৰ দাইল, কণীতো কিছু পৰিমাণে ফলিক এচিড থাকে।
৩. অনিয়মিত ঋতুস্রাবৰ যাৱতীয় সমস্যা সমাধান কৰিবলৈ অমিতা আৰু আনাৰস খাব পাৰে। কেঁচা অমিতাৰ ৰস বা পকা অমিতা নিয়মিত খালে শৰীৰৰ বহু সমস্যা সমাধান হয়। পিৰিয়ডৰ চক্রও স্বাভাবিক থাকে।
৪. ডালচেনিয়ে ইমিউনিটি বৃদ্ধিত যেনেদৰে সহায় কৰে তেনেদৰে অনিয়মিত ঋতুস্রাবৰ সমস্যাৰো সমাধান কৰে।
৫. অনিয়মিত ঋতুস্রাবৰ সমস্যাৰ তৎকালীন সমাধান বিচাৰিলে নিয়মিত হালধি মিহলোৱা গাখীৰ খাওক। তাত কিছু পৰিমাণে মৌও মিহলাই ল’ব পাৰে। হালধিৰ পৰিমাণ যাতে বেছি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। নিয়মিত এই গাখীৰ খালে তলপেটৰ যন্ত্রণাৰ পৰা মুক্তি পোৱা যায়।
৬. প্রচুৰ পৰিমাণে পানী খাওক। শৰীৰ হাইড্রেটেড হৈ থকাটো খুব জৰুৰী।
৭. শৰীৰৰ ওজন নিয়ন্ত্রণত ৰাখক। অতিৰিক্ত তৈলাক্ত, মচলাদাৰ খাদ্য খালে আৰু ব্যায়াম অবিহনে ওজন বাঢ়ি গ’লে ঋতুস্রাবৰ চক্রৰ ওপৰত প্রভাৱ পৰে।
৮. নির্দিষ্ট সময় মতে শোৱাৰ চেষ্টা কৰক। কমপক্ষেও ৭ ঘণ্টা শৰীৰক বিশ্রাম লোৱাৰ সুযোগ দিয়ক। নির্দিষ্ট সময়ত শুই নিৰ্দিষ্ট সময়ত উঠিলে সমস্যা বহুখিনি কমি যাব।
৯. পাতলীয়া ব্যায়াম কৰক। জিমলৈ যোৱাটো বাধ্যতামূলক নহ’লেও, শৰীৰৰ লৰা-চৰাটো জৰুৰী। প্রতিদিনে ৩০ মিনিট খোজকাঢ়িলেও বহুখিনি উপকাৰ পোৱা যায়।