স্বাস্থ্য প্ৰতিবেদন:
অতিমাৰিৰ কাৰণে সকলোবোৰেই এতিয়া ডিজিটেল মাধ্যমৰ ওপৰত নির্ভৰশীল। পঢ়া-শুনাৰ পৰা দোকান-বজাৰ— সকলোৱেই ফোন বা কম্পিউটাৰৰ পর্দাৰ দ্বাৰা নিয়ন্ত্ৰিত। ফলত কায়িক শ্রম বহুখিনি কমিছে। বহুতে আকৌ সময়ৰ অভাৱত ঘৰতো শৰীৰচর্চা কৰিব পৰা নাই।
এইবোৰৰ ফলত পিঠিৰ বিষৰ সমস্যা বাঢ়ি গৈছে। সকলো বয়সৰ মানুহৰ মাজতেই এই সমস্যাৰ পৰিমাণ বাঢ়িছে। ৯০ শতাংশ মানুহৰ পিঠিৰ বিষৰ প্রধান কাৰণ— একেটা স্থানত বহু সময় ধৰি বহি থকাটো। কিন্তু এই সমস্যাৰ তাৎক্ষণিক উপশমো হ’ব পাৰে৷ তেনে কিছু উপায় আছে।
১) শোৱাৰ সময়ত মূৰৰ তলত গাৰু নোলোৱাকৈ শুব চেষ্টা কৰক।
২) নিয়মিত শৱাসন, ভুজঙ্গাসন, মকৰাসন প্রভৃতি শৰীৰচর্চা কৰিলে পিঠিৰ বিষ কমে।
৩) অফিচত কাম কৰাৰ সময়ত একে স্থানত আৰু একে ভংগীত বহু সময় ধৰি বহি নাথাকিব। প্রতি ২০ মিনিটত বিৰতি ল’ব পাৰে। উঠি অলপ খোজকাঢ়ক বা লৰা-চৰা কৰক।