নিউজ ডেস্কঃ
দেশৰ সকলো কেন্দ্রীয় হস্পিটেল, পৰীক্ষাগাৰ আৰু ফার্মাৰ্চী প্রতিষ্ঠান— এই সকলোতে কাম কৰা চিকিৎসকসকলকে ‘আয়ুষ্মান ভাৰত ডিজিটেল মিছন’ৰ অধীনত নাম নথিভুক্ত কৰিবলৈ নির্দেশ দিলে কেন্দ্রীয় চৰকাৰে।
যিবোৰ ৰাজ্যত আয়ুষ্মান ভাৰত প্রকল্প চলি আছে, সেইবোৰৰ হস্পিটেল আৰু চিকিৎসকসকলৰ নাম নথিভুক্ত কৰিবলৈ নির্দেশ দি বুধবাৰে ৰাজ্যবোৰৰ স্বাস্থ্য সচিবসকললৈ পত্ৰ প্ৰেৰণ কৰে কেন্দ্রীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে। আগন্তুক দিনত সকলো ৰোগীৰ চিকিৎসা সংক্রান্তীয় তথ্য যাতে ডিজিটেল পদ্ধতিত সংৰক্ষিত থাকে তাৰ বাবেই এই নির্দেশ।
নথিভুক্তিকৰণৰ বাবে স্বাস্থ্য প্রতিষ্ঠানবোৰক ‘হস্পিটেল ইনফৰমেচন ছিষ্টেম’ কেন্দ্রৰ পৰা সংগ্রহ কৰিবলৈ কোৱা হৈছে। দেশৰ স্বাস্থ্য আন্তঃগাঁথনি সংক্রান্তীয় তথ্য যাতে একেটি ছাতিৰ তলত থাকে, সেই লক্ষ্যতে যোৱা ২৭ ছেপ্টেম্বৰত ‘আয়ুষ্মান ভাৰত ডিজিটেল মিছন’ৰ সূচনা কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে।