স্বাস্থ্য প্ৰতিবেদন:
প্রাচী কালত মানুহে মাটিৰ চৰুত খাদ্য ৰান্ধিছিল। কম জুইত লাহে লাহে ৰন্ধা এই খাদ্যৰ সোৱাদ আছিল আশ্চর্যকৰ। কিন্তু সময়ৰ পৰিবর্তনৰ সৈতে ষ্টিলৰ পাত্রবোৰে পাকঘৰত মৃৎশিল্পৰ স্থান লয়। মাটিৰ চৰুত তৈয়াৰী কৰা খাদ্যৰ উপকাৰিতা সম্পর্কে আজি ইয়াত আলোচনা কৰা হৈছে।
মাটিৰ পাত্রত ৰন্ধাৰ সুবিধা :
মাটি ক্ষাৰীয় প্রকৃতিৰ। সেই কাৰণে মাটিৰ পাত্রৰ খাদ্যৰ পিএইচ স্তৰ সঠিক থাকে। ই খাদ্যক কেৱল স্বাস্থ্যকৰেই নকৰে, খাদ্যৰ সোৱাদো বঢ়ায়। মাটিৰ পাত্রত ৰন্ধা খাদ্যত আয়ৰন, ফছফৰাছ, কেলচিয়াম আৰু মেগনেচিয়ামো প্রচুৰ পৰিমাণে পোৱা যায় যি শৰীৰৰ বাবে অতি উপকাৰী।
খাদ্যৰ পুষ্টি উপাদানবোৰ নিৰাপদে থাকে :
মাটিৰ চৰুৰ সৰু সৰু ছিদ্ৰবোৰে জুই আৰু আর্দ্রতা সমানভাৱে বিয়পায়। সেই কাৰণে খাদ্যৰ পুষ্টিবোৰ সংৰক্ষণ হয়। সেই কাৰণেই মাটিৰ পাত্রত তৈয়াৰী খাদ্যৰ পুষ্টি অন্যান্য পাত্রত তৈয়াৰী খাদ্যতকৈ বেছি পোৱা যায়।
ই হৃৎপিণ্ডৰ বাবেও উপকাৰী :
মাটিৰ চৰুত কম তেল ব্যৱহাৰ হয়। ইয়াৰ কাৰণ হ’ল মাটিৰ চৰুত খাদ্য ৰন্ধন প্রক্রিয়া ধীৰ আৰু দীর্ঘস্থায়ী হয়। আনহাতে, খাদ্যত প্রাকৃতিক তেল আৰু প্রাকৃতিক আর্দ্রতা আছে। যাৰ কাৰণে খাদ্যত বেছি পৰিমাণে তেল ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। যিহেতু অতি বেছি তেল ব্যৱহাৰ কৰা নহয়, ইয়াৰ সহজ অর্থ হ’ল ই আমাৰ হৃদয়ৰ পক্ষেও ভাল।
প্ৰকৃতি বান্ধৱ :
এইটো কোনোৱে অস্বীকাৰ কৰিব নোৱাৰে যে মাটিৰ পাত্রৰ খাদ্যৰ সোৱাদ ভাল হয়। সকলোতকৈ ডাঙৰ বিষয় হ’ল ই প্রকৃতিৰ পক্ষেও উপকাৰী। কাৰণ মাটিৰ চৰু মাটিৰ পৰা তৈয়াৰী হৈ মাটিতে মিহলি হৈ যায়। সেয়ে মাটিৰ চৰুত ৰন্ধাটো আমাৰ প্রকৃতিৰ বাবেও খুব উপকাৰী।