
এফালে জম্মু-কাশ্মীৰ (Jamu&Kashmir)ৰ গণ্ডাৰবল জিলাৰ সোণমাৰ্গ, আনফালে লাডাখৰ কাৰ্গিল জিলাৰ দ্ৰাছ। দুয়োফালৰ পৰা খান্দি উলিওৱা জোজিলা পাছ (Zojila pass)ৰ কাষেৰে পাহাৰৰ তলত নিৰ্মাণ কৰি থকা ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঘোঁৰাৰ নেজৰ আকৃতিৰ সুৰংগৰ দুটা অংশ মঙলবাৰে শিলৰ বাধা আঁতৰোৱাৰ পিছত ইটোৱে সিটোৰ লগত সংযোগ কৰা হয়। কাশ্মীৰ উপত্যকাৰ সৈতে লাডাখৰ সহজ সংযোগৰ এক ঐতিহাসিক পদক্ষেপৰ আৰম্ভণি বুলি গণ্য কৰা হয়।
জোজিলা সুৰংগ (Zojila canal)ই ভাৰতৰ প্ৰতিৰক্ষা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কৌশলগত দুৰ্বলতা বনোহোৱা কৰিব। ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ সময়ত পাকিস্তানে এই দুৰ্বলতাক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল। দখলদাৰী পাকিস্তানী বাহিনীয়ে কৌশলগত উচ্চ স্থানৰ পৰা জোজিলা পাছত ভাৰতীয় সেনাৰ কনভয়ক অবিৰতভাৱে গোলাবৰ্ষণ কৰি প্ৰতিৰোধৰ সময়সীমা বৃদ্ধি কৰিবলৈ সক্ষম হয়। কিন্তু নতুন সুৰংগ পথৰ জৰিয়তে পাকিস্তানৰ চোৰাংচোৱাগিৰি এৰাই লাডাখলৈ সৈন্য, অস্ত্ৰ-শস্ত্ৰ আৰু যোগান অবিৰতভাৱে যোগান ধৰাটো সম্ভৱ হ’ব।

নতুন সুৰংগটো কাৰ্যক্ষম হ’লে জোজিলা পাছৰ মাজেৰে ডেৰ ঘণ্টাৰ যাত্ৰা ১৫ মিনিটলৈ হ্ৰাস পাব। তদুপৰি শীতকালত জোজিলা পাছ কেইবা ফুট বৰফৰ তলত আবদ্ধ হয়। ইয়াৰ বাবে উক্ত পথত গাড়ী চলোৱাটো অতি বিপজ্জনক হৈ পৰে। সকলো সময়তে বৰফ পৰিষ্কাৰ কৰিবলৈ মানুহ নিযুক্তি দিব লাগে। তদুপৰি ইমান উচ্চতাত থকা পাহাৰৰ ঢালবোৰ অতি বিপজ্জনক। বৰফ পৰিষ্কাৰ কৰাৰ পিছতো উক্ত পথত গাড়ী চলাওঁতে বহু সময়ত গাড়ী খাৱৈত পৰি যায়। প্ৰচণ্ড তুষাৰপাতৰ বাবে প্ৰায়ে শীতকালত পথটো বন্ধ কৰিবলগীয়া হয়। জোজিলা সুৰংগই সেই সমস্যাৰ সমাধান কৰিব। এই সুৰংগটো অষ্ট্ৰিয়াত ব্যৱহৃত আধুনিক সুৰংগ খন্দা প্ৰক্ৰিয়া ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হ’ব, যাক ‘নতুন অষ্ট্ৰিয়ান সুৰংগ নিৰ্মাণ পদ্ধতি’ বুলি জনা যায়। চিচিটিভি চোৱাচিতা, ২৪ ঘণ্টীয়া বিদ্যুৎ যোগান, ৰেডিঅ’ নিয়ন্ত্ৰণ ব্যৱস্থা, আৰু ভিতৰত ভাল ভেণ্টিলেচন ব্যৱস্থা থাকিব।
কিন্তু ১১,৫৭৮ ফুট উচ্চতাত অৱস্থিত এই সুৰংগটো বৰ্তমান খোলা নাই। চৰকাৰী সূত্ৰ মতে, ২০২৮ চনৰ ভিতৰত এই সুৰংগৰ মাজেৰে যান-বাহন যাত্ৰা কৰিব পাৰিব। সুৰংগটো নিৰ্মাণৰ ক্ষেত্ৰত সকলো সাৱধানতা অৱলম্বন কৰা হৈছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয়, “আমি ৭ হাজাৰ কোটি টকা ব্যয়ৰে জোজিলা সুৰংগ নিৰ্মাণ কৰিম। য’ত আনুমানিক বাজেট ১২ হাজাৰ কোটি টকা। আমি ৫ হাজাৰ টকা সঞ্চয় কৰিছোঁ । মই বিজেপিৰ সভাপতি হৈ থাকোঁতে এই সুৰংগটো নিৰ্মাণ কৰিব লাগে বুলি ভাবিছিলোঁ, কাৰণ ২০১৪ চনত যেতিয়া মই কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী হৈছিলোঁ তেতিয়া আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুমোদন সাপেক্ষে জোজিলা প্ৰকল্পটো আগুৱাই নিয়াৰ সিদ্ধান্ত লৈছিলো।” উল্লেখ্য যে ভাৰতে সীমান্তত মুঠ ৩১টা সুৰংগ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। ইয়াৰে এটা হ’ল জোজিলা সুৰংগ। এই সুৰংগটো সকলো সুৰংগৰ ভিতৰত আটাইতকৈ দীঘল হ’বলৈ গৈ আছে।











