
পাটনাৰ খান ছাৰে (Khan Sir, Patna) কোচিং চেণ্টাৰ (CCoaching center)ৰ বাহিৰত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাত গ্ৰেপ্তাৰৰ পৰা সাময়িক ৰেহাই লাভ কৰে। মঙলবাৰে পাটনা জিলা আদালতে খান ছাৰক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি নিৰ্দেশ দিয়ে। খান ছাৰে তেওঁক গ্ৰেপ্তাৰ কৰাত বাধা দিবলৈ আদালতৰ কাষ চাপিছিল। ইয়াৰ পিছত আদালতে তেওঁৰ অন্তৱৰ্তীকালীন সুৰক্ষাৰ আবেদন মঞ্জুৰ কৰে।
মঙলবাৰে পাটনা জিলা আদালতত শুনানি গ্ৰহণ কৰা হয়। খান ছাৰে অন্তৰ্ৱৰ্তীকালীন জামিন বিচাৰি আদালতৰ কাষ চাপিছিল। অৱশ্যে সকাহ প্ৰদানৰ পিছতো আদালতে নিৰ্দেশ দিয়ে যে খান ছাৰে তদন্তকাৰীক সকলো প্ৰকাৰে সহযোগ কৰিব লাগিব। তেওঁক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব, কিন্তু তদন্তকাৰীয়ে তেওঁক জেৰা কৰিব পাৰিব। খান ছাৰৰ বিৰুদ্ধে কোনো ধৰণৰ জোৰ-জবৰদস্তিমূলক ব্যৱস্থা ল’ব নোৱাৰিব বুলিও আদালতে নিৰ্দেশ দিছে।

সূত্ৰ অনুসৰি, শুনানিৰ সময়ত আদালতে কেছ ডায়েৰী আৰু ঘটনাৰ প্ৰমাণ আদালতত দাখিল কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে। যদিও খান ছাৰক সুৰক্ষা প্ৰদান কৰা হৈছে, তথাপিও তেওঁৰ ‘প্ৰতিদ্বন্দ্বী’ কোচিং চেণ্টাৰৰ মালিক আৰু এই গোচৰৰ আন এজন অভিযুক্ত ৰোশন আনন্দে জামিন লাভ কৰিব নে নকৰে সেই সন্দৰ্ভত আদালতে ৰায় স্থগিত ৰাখিছে।
উল্লেখ্য যে ২ জুনত ১৫-২০ জন লোকে খান ছাৰৰ কোচিং চেণ্টাৰত আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে। ইটা-শিলো নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাই সমগ্ৰ পাটনাক স্তম্ভিত কৰি তোলে। আক্ৰমণৰ পিছদিনা আৰক্ষীয়ে খান ছাৰৰ কোচিং চেণ্টাৰৰ দুজন চকীদাৰক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ বিৰুদ্ধে গুলীচালনাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, আগ্নেয়াস্ত্ৰ জব্দ কৰি ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। কদমকুৱা আৰক্ষী থানাত দাখিল কৰা হৈছে এফআইআৰ। খান ছাৰে অভিযোগ কৰে যে তেওঁৰ ‘প্ৰতিদ্বন্দ্বী’ ৰোশন আনন্দে তেওঁৰ প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণ কৰিছিল। পাটনাৰ কিষাণ ক’ল্ড ষ্ট’ৰেজ এলেকা বিহাৰৰ কোচিং হাব। ২০১৮-১৯ বৰ্ষৰ পৰা মুছাল্লাপুৰৰ এই কিষাণ ক’ল্ড ষ্ট’ৰেজ এলেকাত ২০টাতকৈও অধিক কোচিং চেণ্টাৰ চলি আছে। খান আৰু ৰোশন ছাৰৰ কেন্দ্ৰ ইয়াতে অৱস্থিত। যদিও কোভিডৰ সময়ত কেইবাটাও কোচিং চেণ্টাৰ বন্ধ আছিল, খান আৰু ৰোশন ছাৰৰ কোচিং চেণ্টাৰ সুচাৰুৰূপে চলি আছিল। অৱশ্যে এই বিভাজন দুয়োৰে মাজত হঠাতে আৰম্ভ হোৱা নাই। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, যোৱা তিনি-চাৰি বছৰ ধৰি দুয়োগৰাকী ছাৰৰ মাজত উত্তেজনা চলি আছিল।











