স্বাস্থ্য প্ৰতিবেদন:
ৰূপচর্চাত হালধিৰ বহুল ব্যৱহাৰ প্রচলিত। ৰন্ধনত হালধি অত্যাৱশ্যকীয় এবিধ উপাদান। অৱশ্যে হালধিৰ আৰু এটি পৰিচয় আছে। সেয়া হ’ল ঔষধি গুণ। স্বাস্থ্যৰ যত্ন লোৱাত হালধি অত্যন্ত উপকাৰী এবিধ উপাদান। বিশেষকৈ পুৱা উঠি খালী পেটত অলপ কেঁচা হালধি খালে বিভিন্ন ধৰণৰ ৰোগৰ পৰা মুক্তি দিব পাৰে। আৰু কেনেদৰে সহায় কৰে কেঁচা হালধিয়ে?
১) কেঁচা হালধিয়ে হজম শক্তি বৃদ্ধি কৰি খাদ্যৰ পৰিপাকত প্রভূত বৰঙণি যোগায়।
২) কেঁচা হালধিৰ প্রধান উপাদান কাৰকিউমিনে হাড়ৰ ক্ষয়ক ৰোধ কৰে।
৩) ইনফ্লেমেটৰি আৰু এন্টি-অক্সিডেন্ট থকাত কেঁচা হালধিয়ে বিভিন্ন ধৰণৰ বেক্টেৰিয়াৰ সংক্রমণৰ পৰা খাদ্যনলীক সুৰক্ষিত ৰাখে।
৪) ৰক্তত শর্কৰাৰ মাত্রাক সঠিক ৰাখিবলৈ আৰু ইনছুলিন হৰমোনৰ ক্রিয়াক সর্বতোপ্ৰকাৰে সহায় কৰে কেঁচা হালধিয়ে।
৫) হালধিত থকা এন্টি-বেক্টেৰিয়েল উপাদানে দাঁতক বীজাণু সংক্রমণৰ পৰা মুক্ত ৰাখে। দাঁতৰ আলু মজবুত কৰি তোলে।
৬) হালধিত প্রচুৰ পৰিমাণে আয়ৰন আছে। ৰক্তত আয়ৰনৰ পৰিমাণ হ্রাস পালে সেয়া বৃদ্ধি কৰিবলৈ হালধি কার্যকৰী।
৭) দীর্ঘ দিন ধৰি যিসকলে কোলেষ্টেৰলৰ সমস্যাত ভুগিছে তেওঁলোকৰ বাবে কেঁচা হালধিয়ে যাদুৰ দৰে কাম কৰে।