নিউজ ডেক্স:
‘ফিট ইণ্ডিয়া মিছন’ নামৰ এক অভিযানৰ অংশ হিচাপে চলিত বৰ্ষৰ ১৩ আগষ্টত মিৰ্জাৰ পৰা লাডাখলৈ যাত্ৰা আৰম্ভ কৰে পশ্চিম কামৰূপৰ জীয়ৰী অঞ্জলি দাসে। এদিন দুদিন নহয়, তেওঁ পদযাত্ৰা কৰে একেৰাহে ৭৯ দিন।
দৈনিক গড়ে ৩৬ কিলোমিটাৰকৈ খোজকাঢ়ি দুমাহ ৭৯ দিনত সৰ্বমুঠ ২,৭৯৬ কিলো মিটাৰ পথ অতিক্ৰম কৰি লাডাখত উপস্থিত হয় অসম কন্যা অঞ্জলি দাস। লাডাখত উপস্থিত হৈ ভাৰতৰ জাতীয় পতাকাৰ লগতে অসমীয়াৰ গৌৰৱ গামোচা উৰুৱায় তেওঁ। উল্লেখ্য যে মানুহৰ মাজত স্বাস্থ্য সচেতনা সৃষ্টিৰ উদ্দেশ্যে তেওঁ আৰম্ভ কৰিছিল এই যাত্ৰা।
যাত্ৰাকালত কোনো যান-বাহন, এম্বুলেন্স, ঔষধ-পাতিৰ সহায় নোলোৱাকৈ যাত্ৰা কৰিছিল তেওঁ। যাত্ৰা আৰম্ভ কৰাৰ সময়ত তিনিমাহ সময়ৰ ভিতৰত লাডাখত উপস্থিত হোৱাৰ সংকল্প লৈছিল তেওঁ।