লংকাৰ পৰা মনোজ কুমাৰ পাঠক
গুৱাহাটীৰ এটি STF-ৰ দলে লংকা আৰক্ষীৰ সহযোগত লংকাৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ আশীক নাৰ্চাৰীৰ সন্মুখৰ পৰা হিৰ’ইনসহ আটক কৰে এজনক। ১৬টা চাবোনৰ কন্টেনাৰত ২৮১ গ্ৰাম হিৰ’ইন জব্দ আৰক্ষীৰ। জব্দকৃত হি’ৰইনখিনিৰ বজাৰ মূল্য ৮ৰ পৰা ১০ লাখ বুলি জানিব পৰা গৈছে। আটকাধীন ব্যক্তি জনৰ নাম মজিবুৰ ৰহমান। ঘৰ লংকাৰ উদালীৰ কছাৰী গাঁৱত।
আনহাতে আৰক্ষীৰ অভিযান কালত মজিবুৰৰ লগত থকা আন তিনিজন হি’ৰইন সৰ্বৰাহকাৰী পলাই যাবলৈ সক্ষম হয় । হি’ৰইনখিনি ডিমাপুৰৰ পৰা লংকালৈ আনিছিল বুলি, জানিব পৰা গৈছে। লগতে অভিযান কালক এখন স্কুটীও জব্দ কৰে আৰক্ষীয়ে। নম্বৰ AS-02-U-2363। বৰ্তমান হি’ৰইনসহ আটকাধীন ব্যক্তি মজিবুৰ ৰহমান আৰু স্কুটীখন লংকা আৰক্ষী থানালৈ লৈ যায়।