বিশেষ প্ৰতিবেদনঃ
সৰুতেই আইতা-ককা, মা-দেউতাৰ মুখে শুনা সাধুকথাক স্ক্ৰীণলৈ লৈ অনা পিছত প্ৰতিগৰাকী দৰ্শক উৎসাহিত হোৱাটো স্বাভাৱিক। আমি সাধু কথা বোৰ মন দি শুনাৰ লগতে সেইসমূহ ক’ৰবাত নহয় ক’ৰবাত সংযোগ কৰি পেলাইছিলোঁ আমি নিজৰ ব্যক্তিগত জীৱনৰ সৈতে। শেহতীয়াকৈ আমি প্ৰায়ে শুনিবলৈ পোৱা এটা সাধুকথাক স্ক্ৰীণলৈ লৈ আনিছে নৱপ্ৰজন্মৰ এগৰাকী জনপ্ৰিয় পৰিচালক চিন্ময় বাৰ্মাই। তেওঁ নিৰ্মাণ কৰি উলিওৱা চুটি ছবি ‘যখিনী’ ৰ এটি টিজাৰে শেহতীয়াকৈ লাভ কৰিছে মুক্তি।
উল্লেখ্য যে, এই টিজাৰটিয়ে জনসাধাৰণক বহুল হাৰত আকৰ্ষিত কৰিছে আৰু তাৰ পৰিপ্ৰেক্ষিততেই, বৰ্তমান চুটি ছবিখনৰ বাবে অপেক্ষাৰত দৰ্শকসকল। আমি সাধুকথা সমূহৰ ভিতৰত শুনিবলৈ পোৱা ‘যখিনী’ ৰ যথোপযুক্ত সাৰমৰ্ম নুবুজিলেও আচলতে ভয় খাইছিলোঁ। এনেক্ষেত্ৰত পৰিচালক চিন্ময় বাৰ্মাৰ এনে প্ৰচেষ্টা সঁচাকৈ লেখতল’বলগীয়া। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে, এই পৰিচালকগৰাকীৰ কেৱল মাত্ৰ ‘যখিনী’ য়ে যে প্ৰথম প্ৰচেষ্টা তেনে নহয়। চুটি ছবিসমূহৰ আমি দেখিবলৈ পোৱা বিষয়বস্তু সমূহৰ পৰা সম্পূৰ্ণ ফালৰি কাটি এক নতুন আৰু ব্যতিক্ৰমী প্ৰচেষ্টাৰে তেওঁ ওলাই আহিছে জনসাধাৰণৰ মাজলৈ। তেওঁৰ আন এক প্ৰচেষ্টা আছিল ‘ঘোঁৰাপাক’। এই ‘ঘোঁৰাপাক’ কাহিনীভাগো জড়িত আমি সৰুতেই শুনিবলৈ সাধুকথা সমূহৰ সৈতেই। এই চুটি ছবিখনেও মুক্তি লাভ কৰাৰ পিছতেই লাভ কৰিছে জনপ্ৰিয়তা।