নিউজ ডেস্কঃ
আৰিয়ান-কাণ্ডৰ ফলত অনলাইন শিক্ষা প্ৰদানৰ এটি নামী কোম্পানীৰ বিজ্ঞাপনৰ পৰা শ্বাহৰুখ খানক আঁতৰোৱাৰ তীব্ৰ দাবী উঠিছিল। অৱশেষত উক্ত পথেই গ্ৰহণ কৰিলে কোম্পানীটোৱে। শ্বাহৰুখ খানৰ দ্বাৰা কৰোৱা সকলো বিজ্ঞাপন বন্ধ কৰি দিলে কোম্পানীটোৱে। সর্বভাৰতীয় সংবাদ মাধ্যম ‘ইকনমিক টাইমছ’ত প্রকাশিত ৰিপোর্টত এই দাবী কৰা হৈছে।
পুত্ৰ আৰিয়ান ড্ৰাগছ-কাণ্ডত জড়িত হৈ পৰাৰ পিছৰ পৰাই শ্বাহৰুখৰ সৈতে সমালোচনাৰ সন্মুখীন হ’বলগা হয় অনলাইন শিক্ষা প্ৰদানকাৰী উক্ত নামী কোম্পানীটোও। কোম্পানীটোৰ হৈ শিশুসকলৰ শিক্ষা সংক্রান্তীয় বিজ্ঞাপন কৰিছে শ্বাহৰুখ খানে। নেট মাধ্যমত এই বিজ্ঞাপনক লৈ শ্বাহৰুখক জড়িত কৰি এটাৰ পিছত আনটো সমালোচনাও কৰা হৈছে। কোনো কোনোৱে কিং খানক কৈছে, নিজৰ পুত্ৰ য’ত ‘উচ্ছৃংখল’ হৈছে, তেনে ক্ষেত্ৰত তেওঁৰ মুখত শিশুসকলৰ শিক্ষা সন্দৰ্ভত পৰামর্শ মানি ল’ব পৰা নাযায়। অবিলম্বে অভিনেতাজনক উক্ত বিজ্ঞাপনৰ পৰা আঁতৰোৱাৰো দাবী উঠে। ফলত কোম্পানীটোৰ ওপৰত ক্রমে চাপ বৃদ্ধি পায়। অৱশেষত উপায়ন্তৰ হৈ শ্বাহৰুখৰ বিজ্ঞাপনটোৱে বন্ধ কৰি দিলে তেওঁলোকে। কোম্পানীটোৰ ব্ৰেণ্ড এম্বেছাডৰো শ্বাহৰুখেই। বিজ্ঞাপন বন্ধ কৰিও তেওঁক ব্ৰেণ্ড এম্বেছাডৰ হিচাপে ৰখা হৈছেনে নাই তাক লৈও এতিয়া চৰ্চা তুংগত।
উল্লেখ্য, ২০১৭ চনত অনলাইন শিক্ষা প্ৰদানকাৰী উক্ত কোম্পানীটোৰ সৈতে বিজ্ঞাপনৰ চুক্তি হয় শ্বাহৰুখৰ। সূত্ৰৰ দাবী, তাৰ পিছৰ পৰাই কোম্পানীটোৰ উপাৰ্জন বিপুল মাত্ৰাত বৃদ্ধি পাইছে। এই বিজ্ঞাপনৰ বাবে মোটা অংকৰ টকাত চুক্তিবদ্ধ হৈছিল শ্বাহৰুখ খান। অৱশ্যে কেৱল এইটোৱেই নহয়, আৰু বহুকেইটা কোম্পানীৰ প্ৰধান মুখ হৈ আছে ‘বাদশ্বাহ’। কিন্তু এই কোম্পানীবোৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব৷