ছাইদুল ইছলাম
ডিফু : শনিবাৰে ডিফুৰ সমীপৱৰ্তী ৰেংবংহম ওচৰত এটি নাদৰ ভিতৰত এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্তখবৰ আৰু আৰক্ষী সূত্ৰে জানিব পৰা অনুসৰি আৰক্ষীয়ে ৰেংবংহম হায়াৰ ছেকেণ্ডাৰী স্কুলৰ খেলপথৰৰ কাষত এটি পকী নাদৰ ভিতৰত এটি মৃতদেহ পৰি থকাৰ খবৰ লাভ কৰি ডিফু আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ নাদটোৰ ভিতৰৰ পৰা মৃতদেহটো উলিয়াই আনিবলৈ সক্ষম হয় ৷ মৃতদেহটো ডিফু থানাৰ অন্তৰ্গত ৰংকাংথুই নিৱাসী গোপাল ৰায়ৰ পুত্ৰ ভীম বাহাদুৰ ৰায় (২০) বুলি চিনাক্ত কৰা হৈছে ৷
মৃত ভীম বাহাদুৰ ৰায়ৰ পিতৃ-মাতৃয়ে জানিবলৈ দিয়া অনুসৰি ভীম বাহাদুৰ ৰায় দিন হাজিৰা কৰি জীৱিকা-নিৰ্বাহ কৰিছিল ৷ ৬ অক্টোবৰৰ সন্ধিয়াই ঘৰৰ পৰা ওলাই গৈ যোৱা তিনিদিন ধৰি নিৰুদ্দেশ হৈ আছিল এই সন্দৰ্ভত আৰক্ষীত নিৰুদ্দিষ্ট হোৱাৰ জাননী দিয়া হোৱা নাছিল ৷ এই সন্দৰ্ভত ডিফু থানাত ২৮/২০২১ নম্বৰত এক অপঘাতী মোং ৰুজো দি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ অৱশ্যে শ্ৰমিক মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা সেয়া মৰণোত্তৰ পৰীক্ষাৰ পিছত স্পষ্ট হ’ব বুলি জানিব পৰা গৈছে ৷