স্বাস্থ্য প্ৰতিবেদন:
কেতিয়াবা বাৰু ভাবি চাইছেনে সুস্বাদু দাইলৰ বিভিন্ন উপকৰণ ৰন্ধাৰ পূৰ্বে কেঁচা দাইল কিয় ভিজাই থোৱা হয়? ভাৰতীয়সকলে এইটো ৰন্ধন সংস্কৃতিৰ অঙ্গ হিচাবে যুগ যুগ ধৰি কৰি আহিছে। বহুতেই ভাবে যে দাইল ভিজাই থ’লে ৰান্ধিবলৈ সুবিধা হয়। কিছু পৰিমাণে এই ধাৰণা সঠিক যদিও দাইল ভিজাই থৈ ৰন্ধাৰ প্ৰকৃত কাৰণ পোৱা যায় আয়ুর্বেদত।
বিশেষজ্ঞসকলে কি কয়?
আয়ুর্বেদ বিশেষজ্ঞসকলে কয় যে ৰন্ধাৰ আগতে দাইল ভিজাই ৰাখিলে বহু উপকাৰ পোৱা যায়। যদি ৰন্ধাৰ আগতে দাইল ভিজাই ৰখা হয় তেনেহ’লে সেয়া খোৱাৰ পিছত সহজতে হজম হয় আৰু ইয়াৰ পৰা সর্বাধিক পৰিমাণে পুষ্টি পোৱা যায়।
দাইলত থাকে প্রোটিন। সেয়ে দাইল খোৱাৰ উদ্দেশ্যই হ’ল শৰীৰত পুষ্টিৰ প্রয়োজনীয়তা। ভিজাই ৰখাৰ পিছত উক্ত দাইল ৰান্ধিলে সকলোতকৈ বেছি পুষ্টি পোৱা যায়। আয়ুর্বেদে কৈছে যে কেঁচা দাইল ভিজাই ৰাখিলে তাৰ জৰিয়তে প্রাণ বা জীৱনৰ সঞ্চাৰ হয়।
তাৰ উপৰি দাইল পানীত ভিজাই ৰাখিলে ইয়াৰ পৰা ফাইটিক এচিড আৰু টেনিন ওলাই যায়। এই দুয়োটাই শৰীৰক দাইলৰ পৰা পুষ্টি শোষণত বাধা দিয়ে। যেনে পানীত নিভিজোৱাকৈ বহুতে ৰাজমাহ ৰান্ধে বাবেই তেওঁলোকৰ গেছ আৰু এচিডিটী হয়।
দাইল ভিজাই থৈ ৰান্ধিলে স্বাস্থ্যৰ বাবে কিমান ভাল?
দাইল ভিজাই থৈ খোৱাটৈ কেৱল পুষ্টিৰ ভাল শোষণৰ বাবেই উৎকৃষ্ট নহয়, ই এমাইলেজক উদ্দীপিত কৰাতো সহায় কৰে, যিয়ে দাইলত থকা জটিল ষ্টার্চ ভঙাত সহায় কৰে। ফলত দাইল হজম কৰাটো বহু সহজ হৈ যায়। ধোৱা আৰু ভিজোৱাৰ প্রক্রিয়াই দাইলৰ পৰা গেছ উৎপাদনকাৰী ৰাসায়নিকবোৰ নির্মূল কৰে।
তাৰ উপৰি বেছিভাগ দাইল জটিল অলিগোছেকাৰাইড সমৃদ্ধ, যি মূলত এক ধৰণৰ জটিল চেনি, যিয়ে পেট পোৰা আৰু গেছ উৎপন্ন কৰে। দাইল ভিজোৱাৰ ফলত এই জটিল চেনিৰ মাত্রা হ্রাস হয়, ফলত দাইল অতি দ্রুত আৰু ভালদৰে হজম হয়। শৰীৰেও তাৰ প্রয়োজনীয় প্রোটিন দাইলৰ পৰা শোষণ কৰিব পাৰে।
দাইল ভিজাই ৰখাটো কিয় প্ৰয়োজন?
দাইল প্রায়েই কৃত্রিম ৰঙেৰে পলিশ কৰা হয় যিটো স্বাস্থ্যৰ বাবে ক্ষতিকৰ। কিছু কিছু ক্ষেত্রত দাইলৰ অনুপযুক্ত পৰিচ্ছন্নতা আৰু অস্বাস্থ্যকৰ পেকেজিং, কৃষিৰ অৱশিষ্টাংশ যেনে হার্বিছাইড গ্লাইফোচেট এৰি দিব পাৰে, যিয়ে স্বাস্থ্যৰ ওপৰত বিৰূপ প্রভাৱ পেলায়। গ্লাইফোচেট মূলত এটি পোক-পৰুৱা হত্যাকাৰী যৌগ, যাক পোক-পৰুৱা আৰু ইন্দুৰৰ পৰা পৰিত্রাণ পাবলৈ বেছিভাগ ক্ষেত্রতে কৃষিত ব্যৱহৃত হয়।