নিউজ ডেক্স:
আমেৰিকাৰ বহুল প্ৰচলিত পত্ৰিকা ‘প্লেবয়’ৰ এক প্রচ্ছদ অৰ্থাৎ বেটুপাতক লৈ সৃষ্টি হৈছে তুমুল চৰ্চা। পুৰুষৰ লাইফ ষ্টাইল, যৌনতা সম্পৰ্কীয় উক্ত পত্রিকাখনৰ প্ৰচ্ছদত সাধাৰণতে নামী-দামী সুন্দৰী মডেলসকলৰ ছবি থাকে। য’ত যৌন আবেদনৰ জোৱাৰ উঠে উক্ত ছবিবোৰৰ পৰা। কিন্তু এইবাৰ উক্ত পৰম্পৰা ভংগ কৰিছে প্লেবয়ে। তাত মূলত যৌনতাৰেই কথা আছে যদিও সেয়া প্ৰকাশ হৈছে অন্যভাবে।
এই পত্রিকাখনত মূলত মেৰিলিন মনৰোৰ দৰে লাস্যময়ী অভিনেত্রীৰ ছবি প্ৰায়েই থাকে। কিন্তু এই প্রথমবাৰ দেখা গ’ল তাত এগৰাকী সমকামী পুৰুষ তাৰকাক। তেওঁৰ নাম বার্টমেন ৰক। বয়স ২৩ বছৰ। উল্লেখ্য, ইণ্টাৰনেট মাধ্যমৰ জৰিয়তে বার্টমেনৰ খ্যাতি বিয়পি পৰিছে। তাৰ পৰাই তেওঁৰ নাম জড়িত হৈ পৰে আমেৰিকাৰ বিনোদন জগতত।
উল্লেখ্য, ইয়াৰ পূৰ্বেও দুবাৰ পুৰুষ মুখ দেখা গৈছিল প্লেবয়ৰ প্রচ্ছদত। বার্টমেন হৈছে তিনি নম্বৰ। সেয়ে তেওঁৰ ছবিক লৈ চৰ্চা আৰম্ভ হোৱাটো নিতান্তই স্বাভাৱিক কথা। তাৰ উপৰি আকৌ নিজৰ যৌনতা সম্পর্কেও খোলামেলাকৈ কৈছে তাৰকাগৰাকী। তেওঁ সমকামী। তেওঁৰ ঘৰ ফিলিপিন্সত, ফলত তেওঁ শ্বেতাঙ্গও নহয়। তেওঁৰ দৰে এজন সমকামী পুৰুষে প্লেবয়ৰ প্রচ্ছদত স্থান লাভ কৰাক লৈ আকৌ গর্বিত বহুতেই।