স্বাস্থ্য প্ৰতিবেদন:
দৈনন্দিন অনিয়মিত জীৱন-যাত্রাই আমাৰ শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা কমাই দিছে। কিন্তু এনে কিছু খাদ্য আছে যাক প্রতিদিনে খালে শৰীৰক ভালে ৰখাৰ লগতে বিভিন্ন ৰোগৰ পৰাও মুক্তি দিব পাৰে। তেনে ধৰণৰ এবিধ পুষ্টিগুণেৰে ভৰপূৰ পাচলি হ’ল বিট।
এনিমিয়া দূৰ কৰে :
যিসকলৰ ৰক্তহীনতাৰ সমস্যা আছে তেওঁলোকৰ ক্ষেত্রত বিট অতি উপকাৰী। কাৰণ ইয়াত আছে প্রচুৰ পৰিমাণে আয়ৰন। যাৰ ফলত ই ৰক্তহীনতা কমোৱাত সহায় কৰে। আৰু শৰীৰত প্রয়োজনীয় ৰক্তৰ যোগান ধৰাৰ ক্ষেত্রতো বিটে সহায় কৰে।
ঋতুচক্রৰ সমস্যা দূৰ কৰে :
ঋতুচক্র সংক্রান্তীয় কোনো সমস্যা হ’লে বিটৰ ৰস খাওক। বিটত থকা আয়ৰণে নতুন লোহিত ৰক্তকণিকা গঠনত সহায় কৰে। যাৰ ফলত ঋতুচক্রৰ সমস্যাৰ পৰা মুক্তি পোৱা যায়।
হাড় শক্তিশালী কৰি ৰাখিবলৈ :
বিট হাড়ৰ বাবেও উপকাৰী। হাড়ক শক্তিশালী কৰি ৰাখিবলৈ হ’লে নিত্য প্রয়োজনীয় খাদ্যৰ তালিকাত অন্তৰ্ভক্ত কৰক বিট। ইয়াত আছে প্রচুৰ পৰিমাণে কেলচিয়াম যিয়ে হাড়ৰ যিকোনো সমস্যা ৰোধ কৰাত উপকাৰী।
ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায় :
বিটত হাই এন্টি-অক্সিডেন্ট থাকে যাৰ ফলত শৰীৰৰ পৰা টক্সিন ওলাই অহাত সহায় কৰে আৰু ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ ফলত চর্দি-কাহৰ দৰে ৰোগৰ পৰাও মুক্তি পোৱা যায়।
ছাল আৰু চুলিৰ সমস্যাত :
ছালৰ উজ্জ্বলতা বৃদ্ধি আৰু ছালৰ বলি ৰেখাৰ সমস্যা ৰোধ কৰাতো সহায় কৰে বিটৰ ৰসে। ছালৰ লগতে চুলিৰ সমস্যা ৰোধ কৰাতো সহায় কৰে বিটে। চুলি সৰা ৰোধ কৰিবলৈ আৰু চুলি বৃদ্ধি কৰিবলৈ অতি উপকাৰী বিট।
কেন্সাৰ প্রতিৰোধ কৰে :
বিটত আছে প্রচুৰ পৰিমাণে এন্টি-অক্সিডেন্ট যিয়ে কেন্সাৰ প্রতিৰোধক হিচাবে কাম কৰে। যাৰ ফলত বিটে কেন্সাৰত আক্রান্ত হোৱাৰ পৰা বচাব পাৰে।
দৃষ্টিশক্তি বৃদ্ধিত সহায় কৰে :
বিটত বিটা-কেৰোটিন আৰু ভিটামিন এ থাকে। যিয়ে ৰেটিনাৰ ক্ষমতা বৃদ্ধিত সহায় কৰে। যাৰ ফলত দৃষ্টিশক্তি বৃদ্ধি পায় আৰু চকুত ছানি পৰাৰ দৰে সমস্যাৰ পৰাও মুক্তি পোৱা যায়। ১০০-মিলিলিটাৰ বিট ৰসত থকা পুষ্টিগুণ হৈছে- কেলৰি ২৯, প্রোটিন-০.৪২ গ্রাম, কার্বোহাইড্রেট-৭.৫০ গ্রাম, ছুগাৰ-৫.৪২ গ্রাম, ফাইবাৰ-০.৪০ গ্রাম।