বিশেষ প্ৰতিবেদন:
জীৱনত সফল হ’বলৈ হ’লে ইচ্ছাশক্তিয়েই হ’ল সকলোতকৈ ডাঙৰ শক্তি। প্রতিকূলতা যিমানেই নাথাকক কিয় ইচ্ছাশক্তি প্রবল হ’লে অৱশ্যেই সফল হ’ব পৰা যায়। সেই কথাই পুনৰ এবাৰ প্রমান কৰিলে ঝাড়খণ্ডৰ লতেহাৰ জিলাৰ মহুৱাডান্ডেৰ ছেন্ট জোচেফ স্কুলত মালী হিচাবে কাম কৰা আনমোল এক্কার জীয়ৰী অমূল্য এক্কাই।
কলকাতাত আয়োজিত এটি সাক্ষাৎকাৰত সফল হৈ ২০ বছৰীয়া অমূল্যই এয়াৰ হোষ্টেজ হোৱাৰ সুবিধা লাভ কৰিছে।
অমূল্যৰ জীৱন যাত্ৰা আছিল ভয়ানক কঠিন৷ মহুৱাডান্ডেৰ লুৰগুমি গাঁওখন ইমানেই পিছপৰা যে তাত মোবাইল নেটৱর্ক পৰ্যন্ত নাই, বিদ্যুৎ ব্যৱস্থাও তথৈবচ৷
অথচ এয়াৰ হোষ্টেজ হিচাবে প্রস্তুতি চলাবলৈ হ’লে ইন্টাৰনেটৰ সৈতে যোগাযোগ থকাটো একান্তই জৰুৰী। শিশু অমূল্যই পঢ়া-শুনা আৰম্ভ কৰিছিল গাঁৱৰেই প্রাথমিক বিদ্যালয় সন্ত মিখালাল শালত। পৰৱর্তী সময়ত পিতৃ আনমোলে তেওঁক নামভর্তি কৰাই দিয়ে চেন্ট জোচেফ স্কুলত। আনমোলৰ মুঠ পাঁচ সন্তান, দুই ভনী আৰু দুই ভাইৰ ভিতৰত অমূল্য দ্বিতীয়।
পঢ়া-শুনাৰ লগতে ইন্টাৰনেট ব্যৱহাৰতো গুৰুত্ব দিবলৈ আৰম্ভ কৰে অমূল্যই। অৱশ্যে নেটৱর্কৰ কাৰণে গুগলৰ প্রথম পেজটো খোলাটোৱেই আছিল কষ্টকৰ। তথাপি তেওঁক সহায় কৰিছিল গুগলেই। তাৰ পৰাই এয়াৰ হোষ্টেজৰ ইন্টাৰভিউ সম্পর্কে জানিব পাৰে অমূল্যই। লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ পিছত আজি তেওঁ সফল।
চেন্ট জোচেফ স্কুলত মালীৰ কাম কৰি মাহিলি ৮০০০ টকা দৰমহা পায় আনমোল এক্কাই। কিন্তু ল’ৰা-ছোৱালীৰ পঢ়া-শুনাত কোনো ত্রুটি ৰখা নাছিল তেওঁ। সদায় বিভিন্ন ধৰণে উৎসাহিত কৰাৰ চেষ্টা কৰিছিল তেওঁলোকক। যাৰ ফলত আজি সফলতাৰ মুখ দেখিলে তেওঁৰ এই পৰিশ্রমে। অমূল্যৰ ইচ্ছাশক্তিৰ এক চূড়ান্ত দৃষ্টান্ত এই সফলতা।