![]()
নিউজ ডেক্স:
গুজৰাটৰ মুন্দ্রা বন্দৰত জব্দ কৰা হ’ল ১৯ হাজাৰ কোটি মূল্যৰ প্রায় তিনি টন হেৰইন। এই বন্দৰটি আদানি গ্ৰুপে পৰিচালনা কৰে। গোপন সূত্রৰ খবৰৰ ভিত্তিত সোমবাৰে আদানিৰ বন্দৰত অভিযান চলায় ডিআৰআইৰ চোৰাংচোৱাই।
তাৰ পৰাই উক্ত ড্ৰাগছখিনি উদ্ধাৰ কৰি বাজেয়াপ্ত কৰা হয়। লগতে দুজন ব্যক্তিক গ্রেপ্তাৰো কৰা হয়।ডিআৰআই সূত্ৰে জানিব পৰা মতে, মুন্দ্রা বন্দৰত দুটি কন্টেইনাৰ আসে, যি দুটি পাউডাৰেৰে চিহ্নিত কৰা আছিল। তেতিয়াই সন্দেহ হয় ডিআৰআইৰ বিষয়াসকলৰ।
চোৰাংচোৱাই কন্টেইনাৰ দুটি আটক কৰে। উক্ত কন্টেইনাৰ খোলাৰ পিছতেই বিষয়াসকলৰ চকু কপালত উঠে। দুয়োটা কন্টেইনাৰে ভৰ্তি হৈ আছে প্রায় তিনি হাজাৰ কেজি ড্ৰাগছেৰে। এটিত দুই হাজাৰ কেজি আৰু আনটোত এক হাজাৰ কেজি। যাৰ বজাৰ মূল্য ১৯ হাজাৰ ৯০০ কোটি। লগতে জানিব পৰা যায় যে উক্ত ড্ৰাগাছখিনি আফগানিস্তানৰ। ইৰানৰ পৰা কন্টেইনাৰত ভৰাই জাহাজত তোলা হয়।










