নগাঁও ১৫ ছেপ্টেম্বৰ : জুবিন গাৰ্গৰ সদ্যমুক্তিপ্ৰাপ্ত ছৱি কাঞ্চনজংঘাই ইতিমধ্যে অসমীয়া ছৱিৰ সকলো ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে।কাঞ্চনজংঘা উপভোগ কৰিবলৈ ৰাজ্যৰ প্ৰতিটো ছবিঘৰত দৰ্শকৰ পাৰভগা উচাহ পৰিলক্ষিত হৈছে। অসমৰ জনপ্ৰিয় সংগীত শিল্পী তথা কাঞ্চনজংঘাৰ নিৰ্মাতা জুবিন গাৰ্গ আৰু তেওঁৰ পত্নী গৰিমা গাৰ্গে বঢ়মপুৰ অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক লগত লৈ নগাঁৱৰ কৃষ্ণা চিনেমাহলত বোলছৱিখন উপভোগ কৰে।উল্লেখ্য কাঞ্চনজংঘা বোলছৱিখনৰ জনপ্ৰিয়তা বিষয়ে জানিব পাৰি বঢ়মপুৰ অন্ধ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে ছৱি খন চোৱাৰ হেপাঁহ কৰিছিল। সেয়ে অন্ধ বিদ্যালয়ৰ ৪২ গৰাকী ছাত্ৰ-ছাত্ৰীক জুবিন ফেন ক্লাবে আজি বিয়লি নগাঁৱলৈ আনি জুবিন গাৰ্গৰ সৈতে বিনামূলীয়াকৈ কাঞ্চনজংঘা উপভোগৰ ব্যৱস্থা কৰি দিয়ে।নগাঁৱৰ কৃষ্ণা চিনেমা হলত উপস্থিত হৈ উৎফুল্লিত হৈ পৰা ছাত্ৰ ছাত্ৰীয়ে আনকি কাঞ্চনজংঘাৰ জনপ্ৰিয় সংলাপ “মোৰ কোনো ধৰ্ম নাই মই মুক্ত কাঞ্চনজংঘা” আওৰাই।আনকি ছাত্ৰী- ছাত্ৰী সকলে বোলছৱিখনৰ জনপ্ৰিয় গীতো পৰিবেশন কৰে।বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী সকলেও ছবিখন উপভোগ কৰে।
পিছত সাংবাদিকৰ আগত জুবিন গাৰ্গ আৰু কয় যে অন্ধ ছাত্ৰ-ছাত্ৰী সকলে এনেদৰে ছবিঘৰত আহি ছৱি উপভোগ কৰাতো ভাৰতৰ এক ইতিহাস। মই আজি অন্ধ ছাত্ৰ-ছাত্ৰী সকলৰ লগত ছবিখন উপভোগ কৰিব পাই আনন্দিত হৈ পৰিছো।অসমীয়া ছৱিৰ উন্নত কৰাৰ বাবে মোৰ এই বিপ্লব অব্যাহত থাকিব বুলিও উল্লেখ কৰে। ইপিনে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে অন্ধ ছাত্ৰ – ছাত্ৰীৰ সৈতে ছৱিখন কিছুসময় উপভোগ কৰি সংবাদ মাধ্যমৰ আগত কয় – এই ছবিখন কেৱল চোৱাৰেই নহয় ছবিখনৰ পৰা উপভোগ কৰাৰো সমল আছে। অন্ধ ছাত্ৰ ছাত্ৰীয়ে দিব্য দৃষ্টিৰে ছবিখন উপভোগ কৰাটো আমাৰ বাবে এটা ডাঙৰ প্ৰাপ্তি।













