নিউজ ডেক্স:
যোৱা বছৰ দেশৰ কোভিড পৰিস্থিতিৰ মাজতে তবলিগি জামাতৰ সমাবেশক লৈ এটাৰ পিছত আনটো ভুৱা বিষয় দাঙি ধৰিছিল ফেচবুক, টুইটাৰ আৰু ইউটিউবত। সাম্প্রদায়িক দৃষ্টিকোণেৰে বহু প্ৰতিবেদন পৰিবেশন কৰা হৈছিল। দায়িত্বজ্ঞানহীনতাৰ অভিযোগ তুলি ৱেব পোর্টেলবোৰক কঠোৰ ভাষাৰে আক্ৰমণ কৰিলে ছুপ্রিম কোর্টে।
তবলিগি জামাতৰ সমাবেশ সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমৰ প্রতিবেদনত আপত্তি জনাই শীর্ষ আদালতত এটি গোচৰ ৰুজু কৰা হৈছিল। উক্ত গোচৰৰ শুনানিত আজি প্রধান ন্যায়াধীশ এনভি ৰামানাই কয়, ‘‘সমস্যা হ’ল, সকলোবোৰতেই সাম্প্রদায়িকতাৰ দৃষ্টিভংগীৰে পৰিবেশন কৰি বহু কেইটা সংবাদ মাধ্যমে।
বেলেগ একো নহয়, এই প্রবণতাৰ বাবে কেৱল দেশৰ নাম বেয়া হৈছে।’’ ন্যায়াধীশগৰাকীয়ে কয়, ‘‘আমাৰ সাম্প্রতিক অভিজ্ঞতাই কৈছে, ৱেব পর্টেলবোৰে এতিয়া কেৱল ক্ষমতাশালীসকলৰ কথাই শুনে। তেওঁলোককেই ভয় খায়। কোনো গুৰুত্বপূর্ণ প্রতিষ্ঠান, ন্যায়াধীশ বা সাধাৰণ মানুহক তেওঁলোকে পাত্তাই নিদিয়ে। তেওঁলোকৰ নামত যি ইচ্ছা সেয়াই লিখি দিব পাৰে।’’
বিভিন্ন ৱেবছাইট আৰু টিভি চেনেলত যি দেখুওৱা হয়, সেয়া নিয়ন্ত্রণ কৰাৰ বাবে চৰকাৰে কিবা পদক্ষেপ গ্ৰহণ কৰিছেনে নাই, সেই বিষয়ত কেন্দ্রৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ পৰা জানিব বিচাৰে ন্যায়াধীশগৰাকীয়ে। উত্তৰত মেহতাইও কয়, ‘‘কেৱল সাম্প্রদায়িক দৃষ্টিকোণৰ পৰাই নহয়, কাহিনী সাজিও পৰিবেশন কৰা হৈছে। বহু পর্টেলৰ পৰা ভুৱা খবৰো বিয়পোৱা হয়।’’ তাৰ পিছতেই ভুৱা খবৰক লৈ উদ্বেগ প্রকাশ কৰে বিচাৰপীঠে। ন্যায়াধীশগৰাকীয়ে কয়, ‘‘ইউটিউবত গ’লেই বুজিব পাৰি কেনেদৰে সহজে ভুৱা খবৰ বিয়পাই দিয়া হয় উক্ত মাধ্যমত। আৰু যিকোনোৱে অনায়াসে চেনেল খুলিব পাৰে।’’