ষ্টাফ ৰিপ’ৰ্টাৰ:
বোকাখাত : বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত আজি বিভিন্ন কাৰ্য্যসূচীৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদ্যাপন কৰা হয়। বোকাখাত ৰাজহুৱা খেল পথাৰৰ পৰা বোকাখাত নাট্যমন্দিৰ পৰ্যন্ত সমূহীয়া জগীঙেৰে এই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ কাৰ্য্যসূচীৰ শুভাৰম্ভণী কৰা হয়।
বোকাখাতৰ বিভিন্ন ক্ষেত্রৰ ক্ৰীড়াবিদসকলে এই সমূহীয়া জগীঙত অংশগ্ৰহণ কৰে। মহকুমাধিপতি ডাঃ নেহা যাদৱে সমূহীয়া জগীঙত অংশগ্ৰহণ কৰা সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ক্ৰীড়াবিদসকলক মনোযোগেৰে নিজ নিজ ক্ৰীড়া ক্ষেত্রত আগবাঢ়ি যাবলৈ আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত সুনাম কঢ়িয়াই আনিবৰ বাবে আহ্বান জনায়।
আজিৰ এই সমূহীয়া জগীঙৰ ফ্লেগ অফ কৰে মহকুমাধিপতি সমন্বিতে বোকাখাতৰ প্ৰসিদ্ধ খেলুৱৈ মিন্টু বৰুৱা চাংমাই আৰু এন.আৰ. এল ফুটবল একাডেমিৰ মুখ্য প্ৰশিক্ষক ইকেন্দ্ৰ সিঙে। ইয়াৰ পাছতে বোকাখাত নাট্যমন্দিৰত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে এখনি আলোচনাচক্ৰ অনুষ্ঠিত হয়।
আলোচনা চক্ৰত মঞ্চত উপস্থিত থাকে মহকুমাধিপতি ডাঃ নেহা যাদৱ, বিক্ৰম চাংমাই আৰু বিশাল চাংমাইৰ পিতৃ শান্তনু চাংমাই আৰু মাতৃ মিন্টু বৰুৱা চাংমাই, এন. আৰ. এল ফুটবল একাডেমিৰ মুখ্য প্ৰশিক্ষক ইকেন্দ্ৰ সিং আৰু প্ৰাক্তন ফুটবলাৰ তথা এছিয়ান ফুটবল কনফেডাৰেচনৰ চি লাইচেঞ্চ প্ৰাপ্ত প্ৰশিক্ষক লোচন শইকীয়া।
আজিৰ এই বিশেষ অনুষ্ঠানতে ক্ৰীড়া ক্ষেত্রত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত সুনাম কঢ়িয়াই অনা বোকাখাতৰ ক্ৰীড়াবিদসকলক মহকুমা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়। ইয়াৰ উপৰিও পোলেণ্ডত অনুষ্ঠিত বিশ্ব যুৱ আৰ্চাৰীত পদক লাভ কৰা বিশাল চাংমাই আৰু বিক্ৰম চাংমাইৰ সৈতে অনলাইন যোগে বাৰ্তালাপ কৰা হয়।
মহকুমাধিপতি ডাঃ নেহা যাদৱে কেউগৰাকী খেলুৱৈকে উষ্ম আদৰণি জনোৱাৰ লগতে অনাগত দিনত মহকুমাটোলৈ আৰু গৌৰৱ কঢ়িয়াই আনিবৰ বাবে আহ্বান জনায়। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ এই কাৰ্য্যসূচীত বোকাখাত ক্ৰীড়া সন্থাৰ বিষয়বৱীয়াসকল লগতে বোকাখাতৰ ক্ৰীড়া সংগঠকসকল, প্ৰশিক্ষকসকল আৰু বোকাখাতৰ বিভিন্ন ক্ষেত্রৰ ক্ৰীড়াবিদসকল উপস্থিত থাকে।