নিউজ ডেক্স:
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ক’ৰোনাত আক্রান্ত হৈছে ৪৪ হাজাৰ ৬৫৮ জন। বৃহস্পতিবাৰে সেয়া আছিল ৪৬ হাজাৰ ১৬৪। যোৱা বছৰৰ পৰা দেশত মুঠ আক্রান্তৰ সংখ্যা হ’ল ৩ কোটি ২৬ লক্ষ ৩ হাজাৰ ১৮৮।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৪৯৬ জনৰ। কোভিডৰ বাবে দেশত এতিয়ালৈকে মুঠ মৃত্যু হৈছে ৪ লক্ষ ৩৬ হাজাৰ ৮৬১ জনৰ। বিগত ২৪ ঘণ্টাত সক্রিয় ৰোগী বাঢ়িছে ১১ হাজাৰ ১৭৪ জন। বৰ্তমান দেশত সক্রিয় ৰোগীৰ সংখ্যা ৩ লক্ষ ৪৪ হাজাৰ ৮৯৯।
দেশৰ মুঠ আক্রান্তৰ প্রায় দুই তৃতীয়াংশই কেৰালাৰ।
বিগত এমাহ ধৰি দক্ষিণৰ ৰাজ্যখনত সংক্রমণ বহু বেছি হৈ আছে৷ শুক্রবাৰেও ৰাজ্যখনত আক্রান্তৰ সংখ্যাই ৩০ হাজাৰ অতিক্ৰম কৰিছে। দ্বিতীয় স্থানত থকা মহাৰাষ্ট্রত আক্রান্তৰ সংখ্যা পাঁচ হাজাৰৰ ঘৰত। আয়াৰ পিছত আছে ক্রমান্বয়ে তামিলনাডু (১,৫৫৯), অন্ধ্রপ্রদেশ (১,৫৩৯), কর্নাটক (১,২১৩), মিজোৰাম (৯০৫), ওড়িশা (৮৪৯), পশ্চিমবঙ্গ (৭১৭) আৰু অসম (৫৬২)।