নিউজ ডেক্স:
দুদিনত কাবুলৰ পৰা অহা ৪৬খন বিমান জোৰ কৰি অৱতৰণ কৰোৱাৰ কথা স্বীকাৰ কৰিছে উজবেকিস্তানে। তেওঁলোকৰ দাবী, বেআইনীভাবে তেওঁলোকৰ আকাশ সীমাত প্ৰৱেশ কৰিছিল বিমানকেইখন। সেয়ে সেইকেইখন নমাবলৈ তেওঁলোক বাধ্য হয়।
দেওবাৰে তালিবানে কাবুল দখল কৰাৰ পিছৰ পৰাই দলে দলে দেশ এৰিছে আফগান নাগৰিকে। এই দেশত্যাগ কৰাসকলৰ ভিতৰত আছে প্রাক্তন ৰাষ্ট্ৰপতি আশ্ৰফ গনিৰ ঘনিষ্ঠ সেনা বিষয়া আৰু নিৰাপত্তা বিষয়াসকলো। বিমানত উঠি ওচৰ-পাজৰৰ দেশবোৰত আশ্রয়ৰ সন্ধান কৰিছে তেওঁলোকে।
এনে পৰিস্থিতিত সোমবাৰে পুৱাতেই উজবেকিস্তানত আফগান সেনাৰ এখন বিমান ভূপতিত হোৱাৰ কথা পোহৰলৈ আহে। জানিব পৰা মতে, দেওবাৰে গভীৰ নিশা বিমানখন দুৰ্ঘটনাত পতিত হয়। আৰম্ভণিতে এই সন্দৰ্ভত উজবেকিস্তান চৰকাৰে কোনো মন্তব্য নকৰিলেও উপগ্রহৰ পৰা তোলা ছবি আৰু ভিডিওৰ জৰিয়তে বিষয়টি তদন্ত কৰা হৈছে বুলি তেওঁলোকে জনায়।
পিছত উজবেক চৰকাৰে বিবৃতি প্রকাশ কৰি জনাইছিল যে ৰাস্তা দেখুৱাই বিমানবন্দৰলৈ লৈ যোৱাৰ সময়তে বায়ুসেনাৰ এখন বিমানৰ সৈতে সংঘর্ষত আফগান বিমানখন ভূপতিত হয়। পিছত অৱশ্যে সেই মন্তব্য প্রত্যাহাৰে কৰে উজবেক চৰকাৰে।
কিন্তু ইয়াৰ পিছতেই মঙ্গলবাৰে জোৰ কৰি বিমান নমোৱাৰ কথা মানি লয় দেশখনে। তেওঁলোকে জনায় যে দেওবাৰৰ পৰা মুঠ ২২খন আফগান যুদ্ধবিমান আৰু ২৪খন সেনা হেলিকপ্টাৰে বেআইনীভাবে তেওঁলোকৰ আকাশ সীমাত প্রবেশ কৰে। উক্ত ৪৬খন বিমানত পূৰ্বৰ গনি চৰকাৰৰ ৫৮৫ জন আফগান সেনা বিষয়া আৰু চৰকাৰী বিষয়া আছিল। সেয়ে সেইকেইখন নমোৱা হয়।