![]()
নিউজ ডেস্কঃ
আমেৰিকাৰ ফুটবল লিগৰ মেচ চলি আছে। দুয়ো দলৰ খেলুৱৈসকল বল দখলৰ যুঁজত ব্যস্ত। এনে সময়তেই খেলপথাৰত সোমাই যায় দুই বছৰীয়া এটি শিশু। সোমায়েই দৌৰিবলৈ আৰম্ভ কৰে। তাকে দেখি পিছে পিছে লৰ দিয়ে শিশুটিৰ মাতৃগৰাকী আৰু শিশুটিক ধৰি বাহিৰলৈ উলিয়াই আনে। অৱশ্যে তাৰ মাজতো খেল চলিয়ে থাকে। এই ঘটনাৰ ভিডিও ‘মেজৰ লিগ ছ’কাৰ’ টুইটাৰ একাউণ্টৰ পৰা প্রথম আপলোড কৰা হয়। তাৰ পিছতে ভাইৰেল হৈ পৰে।
আমেৰিকান লিগৰ মেচত মুখামুখী হৈছিল এফচি ছিনছিনাটি আৰু অৰলেণ্ডো চিটি। মেচখন চলি থকাৰ সময়তেই খেলপথাৰত সোমাই পৰে ২ বছৰৰ জাইডেক কাৰপেন্টাৰ। কিন্তু খেলাত সমস্যা হোৱাৰ দৰে পৰিস্থিতি সৃষ্টিৰ আগতেই জাইডেকক কোলাত তুলি লৈ আহে মাতৃ মৰ্গান টুকেৰে।













