ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ram Mandir : বেংকৰ প্ৰাক্তন কৰ্মচাৰীৰ পৰা ট্ৰাষ্টৰ হিচাপৰক্ষকলৈ, ৰাম মন্দিৰৰ ধন চুৰিৰ অপৰাধত আৰু কোন গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
June 27, 2026
Reading Time: 1 min read
A A
0
Ram Mandir : বেংকৰ প্ৰাক্তন কৰ্মচাৰীৰ পৰা ট্ৰাষ্টৰ হিচাপৰক্ষকলৈ, ৰাম মন্দিৰৰ ধন চুৰিৰ অপৰাধত আৰু কোন গ্ৰেপ্তাৰ

RELATED POSTS

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

New Logo Smal 3 | ASSAM TIMES POST

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গঠন কৰা বিশেষ অনুসন্ধান দলটোৱে প্ৰাৰম্ভিক প্ৰতিবেদনত তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিছিল। শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্ট (Shri Ram Janmabhoomi Pilgrimage Trust)ৰ এফআইআৰত তেওঁলোকৰ নাম আছিল। অযোধ্যাৰ ৰাম মন্দিৰ (Ram Temple of Ayodhya)ত দান হিচাপে লাভ কৰা নগদ ধন আৰু মূল্যৱান সামগ্ৰী গণনাৰ প্ৰক্ৰিয়াত জড়িত আছিল আটাইকেইজন। বৃহস্পতিবাৰে নিশা ভক্তই দিয়া কোটি কোটি টকাৰ (Crores and crores of money given by devotees) নগদ আৰু সোণ আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ (Arrested for embezzlement) হোৱা আঠজন অভিযুক্তৰ সবিশেষ লাহে লাহে পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছে। ইয়াৰ মাজতে বিভিন্ন জল্পনা-কল্পনাৰো সৃষ্টি হৈছে।

ৰাম মন্দিৰত জমা হোৱা প্ৰণামীত (পূজা বা সেৱাৰ সময়ত দিয়া দান-বৰঙনি) অনিয়মৰ অভিযোগৰ তদন্তৰ দায়িত্বত থকা এছআইটিয়ে মঙলবাৰে এই সন্দৰ্ভত প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পাছত এছআইটিৰ পৰামৰ্শ অনুযায়ী বৃহস্পতিবাৰে শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ হৈ অন্যতম ট্ৰাষ্টী কৃষ্ণ মোহনে ৮ জন লোকৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। তাৰ ভিত্তিত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি সেই নিশাতেই আঠজন অভিযুক্তক গ্ৰেপ্তাৰ (Eight accused arrested) কৰে। ইয়াৰ ভিতৰত ৰামশংকৰ যাদৱ ওৰফে টিন্নু, লৱকুশ মিশ্ৰ, অনুকল্প মিশ্ৰ, অবিনাশ শুক্লা, মনীষ কুমাৰ যাদৱ, কৰুনেশ পাণ্ডে, ৰামশংকৰ মিশ্ৰ আৰু সুভাষ শ্ৰীবাস্তৱ আছে। ইয়াৰে একাংশৰ ঠিকনাৰ পৰা ৮০ লাখ টকাৰ হিচাপ বহিৰ্ভূত ধন উদ্ধাৰ কৰা হয়।

উক্ত পৰিঘটনাত গ্ৰেপ্তাৰৰ পিছতেই চম্পত ৰায়ে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰে। ইয়াৰ লগতে তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ সদস্য (ট্ৰাষ্টী) অনিল মিশ্ৰয়ো পদত্যাগ কৰে। গ্ৰেপ্তাৰ কৰা একাংশ ব্যক্তিৰ সৈতে দুয়োজনৰে সংস্পৰ্শ সম্পৰ্কীয় তথ্য পোৱা গৈছে। শনিবাৰে এনডিটিভিত প্ৰকাশিত এক প্ৰতিবেদনত গ্ৰেপ্তাৰ হোৱা আঠজনৰ সবিশেষ প্ৰকাশ পাইছে। ইয়াত গ্ৰেপ্তাৰ হোৱা লোকসকলৰ পৰিচয় আৰু অভিযোগৰ তালিকা প্ৰকাশ পাইছে।

up | ASSAM TIMES POST
বেংকৰ প্ৰাক্তন কৰ্মচাৰীৰ পৰা ট্ৰাষ্টৰ হিচাপৰক্ষকলৈ মুঠ ৮জনক গ্ৰেপ্তাৰ ৰাম মন্দিৰৰ টকা আত্মসাত কৰাক লৈ

১) ৰামশংকৰ যাদৱ ওৰফে টিন্নু : ট্ৰাষ্টৰ সদ্য পদ ত্যাগ কৰা সাধাৰণ সম্পাদক চম্পত ৰয়ৰ গাড়ীৰ প্ৰাক্তন চালক। বিশ্ব হিন্দু পৰিষদৰ কৰসেৱকৰ লগত জড়িত হৈ পৰৱর্তী সময়ত চম্পতৰ উদ্যোগত প্রণামী জিম্মাত ৰখাৰ দায়িত্ব দিয়া হৈছিল৷ টিন্নু চুৰিকাণ্ডৰ আটাইতকৈ বেছি চৰ্চিত মুখ। অভিযোগ কৰা হৈছে যে টিন্নুৱে সদায় দান বাকচৰ চাবি ৰাখিছিল আৰু ট্ৰাষ্টৰ সদস্যসকলৰ ঘনিষ্ঠ হোৱাৰ বাবে তেওঁ সম্পূৰ্ণ স্বেচ্ছাচাৰীভাৱে কাম কৰিছিল। টিন্নুৱে অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰি কয় যে তেওঁ নগদ ধন আৰু সোণৰ মুদ্ৰা গণনাৰ লগত জড়িত নহয়। তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে অজ্ঞাত আৰু ঈৰ্ষাপৰায়ণ লোকেহে।

২) ৰামশংকৰ মিশ্ৰ ওৰফে ৰবি মিশ্ৰ : দান গণনাৰ লগত জড়িত আছিল। সহকৰ্মীসকলৰ সৈতে ষড়যন্ত্ৰ কৰি চোৰাংকৈ দান সৰবৰাহ কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে। তেওঁৰ পুত্ৰ অলুকল্প আৰু জোঁৱায়েক লৱকুশো টকা গণনাৰ কামত জড়িত আছিল। শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ সদ্য পদত্যাগী সদস্য অনিল মিশ্ৰৰ আত্মীয় ৰামশংকৰ।

৩) অনুকল্প মিশ্ৰ : এই গোচৰৰ অভিযুক্ত ৰামশংকৰ মিশ্ৰৰ পুত্ৰ অনুকল্প দান গণনাৰ লগত জড়িত আছিল। অনুকল্প মিশ্ৰ পদত্যাগী ট্ৰাষ্টী অনিলৰ আত্মীয়। দান গণনাৰ সময়ত চিচিটিভিৰ চোৰাংচোৱা তথ্য লুকুৱাই ৰখাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে।

৪) লৱকুশ মিশ্ৰ : ৰামশংকৰ মিশ্ৰৰ জোঁৱায়েক। অভিযোগ কৰা হৈছে যে লৱকুশে এই অনুদানৰ আত্মসাৎ কৰা ধন আৰু সোণৰ মুদ্ৰা বাহিৰলৈ লৈ যোৱাৰ বাবে দায়বদ্ধ আছিল। তদন্তৰ আৰম্ভণিতে তেওঁৰ ঘৰৰ পৰা ধন উদ্ধাৰ হোৱাৰ অভিযোগো উত্থাপন হৈছে।

৫) অবিনাশ শুক্লা : ৰাম মন্দিৰৰ প্ৰভাৱশালী সেৱক (কৰ্মচাৰী)। তেওঁ বিত্তীয় হিচাপ-নিকাচৰ জালিয়াতিৰ সৈতে জড়িত বুলি অভিযোগ উঠিছে। দাবী কৰা হৈছে যে তেওঁ এই ছিণ্ডিকেটৰ এজন গুৰুত্বপূৰ্ণ সদস্য আছিল। বাতৰি অনুসৰি, আৰক্ষীয়ে অবিনাশৰ জিম্মাত থকা ‘হিচাপ বহিৰ্ভূত’ ৫ লাখ টকা উদ্ধাৰ কৰিছে।

৬) মনীষ যাদৱ : ধৃত ৰামশংকৰ যাদৱ ওৰফে টিন্নুৰ ভতিজাক। প্ৰণামী গণনা প্ৰক্ৰিয়া আৰু দান বাকচ নিৰীক্ষণৰ দায়িত্বত তেৱোঁ আছিল। আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, মনীষৰ ঘৰৰ পৰাও উদ্ধাৰ হৈছে চুৰি হোৱা ধন।

৭) সুভাষ শ্ৰীবাস্তৱ : বেংকৰ প্ৰাক্তন কৰ্মচাৰী। নগদ ধন গণনা, চেক একাউণ্ট আৰু বেংকত জমা ধনৰ দায়িত্ব তেওঁৰ হাতত আছিল।

৮) কৰুণেশ পাণ্ডে : ভক্তসকলৰ পূজাৰ ধনৰ ৰচিদ দিয়াৰ দায়িত্ব আছিল তেওঁৰ। তাত তেওঁৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ। উল্লেখ্য যে শুকুৰবাৰে শিৱসেনাৰ (উদ্ধৱ) নেতা সঞ্জয় ৰাৱতে কয় যে তেওঁৰ দলে ৰাম মন্দিৰলৈ ৪ কেজি ৰূপৰ ইটা দান কৰিছে। দলৰ নেতা উদ্ধৱ থাকৰেয়ে এক কোটি টকা আগবঢ়ায়। কিন্তু তাৰ ৰচিদ এতিয়াও পোৱা নাই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: RamMandir
Share4Tweet3Send

Related Posts

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

by News Desk
September 22, 2026
50
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

by News Desk
September 22, 2026
50
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

by News Desk
September 22, 2026
50
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া
National-International

Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

by News Desk
September 22, 2026
50
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

by News Desk
September 21, 2026
51
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

by News Desk
September 21, 2026
51
ADVERTISEMENT
Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ
Guwahati

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

September 22, 2026
50
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

September 22, 2026
50
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

September 22, 2026
50
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

September 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

September 22, 2026
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

September 22, 2026
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d