ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
June 27, 2026
Reading Time: 1 min read
A A
0
Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

RELATED POSTS

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

New Logo Smal 3 | ASSAM TIMES POST

অযোধ্যাৰ ৰাম মন্দিৰ (Ram Temple of Ayodhya)ত ভক্তসকলে দান কৰা নগদ ধন আৰু মূল্যৱান সামগ্ৰী (গহনা আৰু ৰত্ন) চুৰিৰ ঘটনা (Incidents of cash and valuable item thefts)ত গ্ৰেপ্তাৰ হোৱা আঠজন অভিযুক্তৰ (Eight accused have been arrested) ঘৰত তালাচী (Search at home) চলাই হিচাপ বহিৰ্ভূত ৮০ লাখ টকা উদ্ধাৰ (Recovered 8 lakh rupees) কৰিছে। শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা এই তালাচী অভিযান এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

বিগত দুবছৰত ভক্তই দিয়া কোটি কোটি টকাৰ প্ৰণামী লুণ্ঠন হোৱাটো আৰক্ষীয়ে ধৰা পেলাইছে বুলি প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে। আৰক্ষীৰ বিশেষ তদন্তকাৰী দলৰ (এছ আই টি) সন্দেহ যে ৰাম মন্দিৰৰ একাংশ কৰ্মচাৰী (সেৱক), আনকি মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ সদস্য আৰু বিষয়ববীয়াও ইয়াৰ লগত জড়িত হ’ব পাৰে। বৃহস্পতিবাৰে আঠজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছত চম্পট ৰায়ে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰে। অনিল মিশ্ৰয়ো তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ সদস্য (ট্ৰাষ্টী) পদৰ পৰা পদত্যাগ কৰে। ঘটনাচক্ৰত গ্ৰেপ্তাৰ কৰা একাংশ লোকৰ সৈতে দুয়োৰে সংস্পৰ্শৰ তথ্য পোৱা গৈছে। মন্দিৰত দান হিচাপে পোৱা নগদ ধন আৰু মূল্যৱান সামগ্ৰী গণনা আৰু লিপিবদ্ধ কৰাৰ কামত লৱকুশ আৰু অনুকল্প জড়িত আছিল। দুয়োজনেই ট্ৰাষ্টী অনিলৰ আত্মীয়।

up | ASSAM TIMES POST
ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা গ্ৰেপ্তাৰ কৰা ৮ ব্যক্তিৰ ঘৰৰ তালাচিত উদ্ধাৰ

আনহাতে, ৰামশংকৰ পূৰ্বে ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পতৰ চালক আছিল আৰু ২০২২ চনৰ পৰা মন্দিৰ নিৰ্মাণ আৰু পৰৱৰ্তী পৰিচালনাৰ কামত জড়িত আছিল। ইয়াৰ উপৰি গ্ৰেপ্তাৰ হোৱা লোকৰ তালিকাত অবিনাশ শুক্লা, মনীষ কুমাৰ যাদৱ, কৰুনেশ পাণ্ডে, ৰামশংকৰ মিশ্ৰ আৰু সুভাষ শ্ৰীবাস্তৱ নামৰ পাঁচজন অভিযুক্তও আছে। আটক কৰা লোকসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ একাধিক ধাৰাত চুৰি, অপৰাধমূলক আস্থা ভংগ, চুৰি সম্পত্তি লুকুৱাই ৰখা, অপৰাধমূলক ষড়যন্ত্ৰ আৰু উমৈহতীয়া উদ্দেশ্যত যৌথ অপৰাধমূলক অপৰাধকে ধৰি একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

সূত্ৰ অনুসৰি, ২০২৪ চনৰ ২২ জানুৱাৰীত মন্দিৰ উদ্বোধনৰ পিছত প্ৰথম কেইমাহমানৰ ভিতৰতে দৈনিক ৬-৭ লাখ টকাৰ প্ৰণামী সংগ্ৰহ কৰা হৈছিল। লাহে লাহে ই কমিবলৈ ধৰে। বিগত কেইমাহমানৰ পৰা দৈনিক প্ৰণামী সংগ্ৰহৰ পৰিসংখ্যা হাজাৰলৈকে নামি আহিছে। অভিযোগ অনুসৰি, চিচিটিভিৰ চোৰাংচোৱা লুকুৱাই ৰাখি দীৰ্ঘদিন ধৰি নগদ ধন আৰু সোণ চুৰি কৰি আহিছে। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে উক্ত ধনৰ এক বৃহৎ অংশ ৰিজ’ৰ্ট, শ্বপিং মলকে ধৰি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত বিনিয়োগ কৰা হৈছে। কিন্তু ইতিমধ্যে কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীকে ধৰি বিৰোধী দলসমূহে অভিযোগ উত্থাপন কৰিছে যে দানৰ ধন গণনাৰ বাবে দায়বদ্ধ সেৱক বা চালকক জড়িত কৰি প্ৰকৃত অপৰাধীক বচাবলৈ চেষ্টা চলোৱা হৈছে। বিৰোধীৰ প্রশ্ন, ৰাঘৱ বোৱাল জড়িত নথকাকৈ প্ৰণামী গণনা কৰাসকলৰ বাবে কোটি কোটি টকা হস্তান্তৰ কৰাটো সম্ভৱনে ?

তাৎপৰ্যপূৰ্ণভাৱে বিশ্ব হিন্দু পৰিষদৰ আন্তঃৰাষ্ট্ৰীয় শাখাৰ মুৰব্বী আলোক কুমাৰে চম্পতৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ৰাম মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই এই পুঁজিৰ নিৰীক্ষণৰ বাবে এজন পূৰ্ণকালীন মুখ্য কাৰ্যবাহী বিষয়া নিযুক্তিৰ পৰামৰ্শ আগবঢ়াইছে। সূত্ৰ অনুসৰি, এছ আই টিৰ প্ৰাৰম্ভিক প্ৰতিবেদনত ১৭ জন লোকক দোষী বুলি চিনাক্ত কৰা হৈছে। তদুপৰি ৰাম মন্দিৰৰ সৈতে জড়িত প্ৰায় ১৫০ গৰাকী সেৱকৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে। প্ৰতিবেদনত কোৱা হৈছে যে ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ পিছত তেওঁলোকৰ বহুতৰে ধন-সম্পত্তি কেইবাগুণো বৃদ্ধি পাইছে। মন্দিৰৰ সৈতে জড়িত ফুলকান্ত মিশ্ৰ নামৰ এজন ব্যক্তিৰ নাম সন্নিবিষ্ট হৈছে সম্পত্তি বৃদ্ধিৰ তালিকাত। ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ সাধাৰণ সম্পাদক তথা ভি এইচ পিৰ উপ-সভাপতিগৰাকী চম্পতৰ ঘনিষ্ঠ ব্যক্তি হিচাপে পৰিচিত। ইফালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শুকুৰবাৰে প্ৰণামী চুৰি সন্দৰ্ভত কয়, “ভক্তৰ বিশ্বাসৰ লগত খেলাটো সহ্য কৰা নহ’ব। সনাতন ধৰ্মৰ মূল্যবোধৰ ওপৰত আক্ৰমণৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি মানি চলিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: RamMandir
Share4Tweet3Send

Related Posts

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

by News Desk
September 22, 2026
50
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

by News Desk
September 22, 2026
50
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

by News Desk
September 22, 2026
50
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া
National-International

Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

by News Desk
September 22, 2026
50
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

by News Desk
September 21, 2026
51
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

by News Desk
September 21, 2026
51
ADVERTISEMENT
Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ
Guwahati

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

September 22, 2026
50
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

September 22, 2026
50
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

September 22, 2026
50
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

September 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

September 22, 2026
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

September 22, 2026
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d