![]()
নিউজ ডেস্কঃ
‘স্বৰ্ণ পুত্ৰ’ নীৰজ চোপ্ৰাক সন্মান জনালে এথলেটিকছ ফেডাৰেচন অব ইণ্ডিয়াই। এতিয়াৰে পৰা প্রতি বছৰে ৭ আগষ্টত ‘জেভলিন থ্র’ দিৱস’ হিচাবে পালন কৰা হ’ব। আনহাতে, উক্তদিনাই জেভলিন থ্র’ৰ প্রতিযোগিতাও আয়োজন কৰিব সংস্থাটোৱে। এএফআইৰ পৰিকল্পনা সমিতিৰ অধ্যক্ষ ললিত ভানোটে এই কথা জনাইছে। উল্লেখ্য, যোৱা ৭ আগষ্টতে টকিঅ’ অলিম্পিকত সোণৰ পদক জয় কৰিছিল ভাৰতীয় সেনাবাহিনীৰ ২৩ বছৰীয়া জোৱান নীৰজে।
অলিম্পিকত পদক বিজয়ীসকলক সন্মান জনাবলৈ মঙ্গলবাৰে এটি অনুষ্ঠানৰ আয়োজন কৰিছিল এএফআইয়ে। তাতেই নীৰজক কাষত বহুৱাই লৈ ললিত ভানোটে কয়, “৭ আগষ্ট দিনটো ভাৰতৰ ক্রীড়া ইতিহাসত সোণালী আখৰেৰে জিলিকি থাকিব। কাৰণ উক্ত দিনটোতে আমাৰ সকলোৰে প্রিয় নীৰজে ইতিহাস গঢ়িছিল। সেয়ে তেওঁৰ সন্মানতে ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ পৰিকল্পনা সমিতিয়ে এই বিশেষ দিনটোক স্মৰণীয় কৰি ৰাখিবলৈ উদ্যোগ লৈছে।”













