![]()
নিউজ ডেস্কঃ
এইবাৰৰ অলিম্পিকত ভাৰতৰ হকীৰ দলটোক লৈ যথেষ্ট আশাবাদী আছিল দেশবাসী ৷ সেই অনুসৰি দলটোৱে ফলাফলো দেখুৱালে ৷ সুদীৰ্ঘ ৪১ বছৰৰ অন্তত অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা ভাৰতীয় হকী দলটোক লৈ সমগ্ৰ ভাৰতবাসী গৌৰৱাম্বিত।
উল্লেখ্য যে দলটোৰ এজন অন্যতম সদস্য হিমাচল প্ৰদেশৰ বৰুণ কুমাৰলৈ আগবঢ়োৱা হৈছে উপ-আৰক্ষী অধীক্ষকৰ পদৰ লগতে ১ কোটি টকাৰ আৰ্থিক পুৰস্কাৰ। এই পুৰস্কাৰৰ কথা ঘোষণা কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে ৷













