![]()
নিউজ ডেস্কঃ
শনিবাৰৰ দিনটো ভাৰতী ক্ৰীড়া ইতিহাসত সোণালী আখৰেৰে জিলিকি থাকিব৷ কিয়নো টকিঅ’ অলিম্পিকত জেভলিন থ্ৰ’ত স্বৰ্ণ পদক জয় কৰি ইতিহাস ৰচনা কৰে নীৰজ চোপ্ৰাই৷ এতিয়ালৈকে ‘ট্ৰেক এণ্ড ফিল্ড’ অৰ্থাৎ এথলেটিকছত কোনো ভাৰতীয়ই পদক জিকিবলৈ সক্ষম হোৱা নাছিল৷ নীৰজ চোপ্ৰাৰ জৰিয়তে এই ইতিহাস ৰচিত হয়৷ উল্লেখ্য, নীৰজ চোপ্ৰাৰ পূৰ্বে অলিম্পিকত ভাৰতে মাত্র ৯টা সোণৰ পদক লাভ কৰিছিল। ইয়াৰে আঠটা আছিল হকীত আৰু ব্যক্তিগত শাখাত ২০০৮ৰ বেইজিং অলিম্পিকত এটি সোণৰ পদক শ্বুটিঙত লাভ কৰিছিল অভিনৱ বিন্দ্রাই। এতিয়া দ্বিতীয় ভাৰতীয় ক্রীড়াবিদ হিচাবে ব্যক্তিগত ইভেন্টত সোণৰ পদক জয় কৰে নীৰজ চোপ্ৰাই।

উল্লেখ্য, প্রয়াত মিলখা সিং, পিটি ঊষা, অঞ্জু ববি জর্জ, বিকাশ গৌড়াৰ দৰে ক্রীড়াবিসকলেও ভাৰতক এথলেটিকছত পদক উপহাৰ দিব পৰা নাছিল। এতিয়া সেই অভাৱ পূৰণ কৰিলে নীৰজ চোপ্ৰাই।
আনহাতে, ১২১ বছৰ পিছত অলিম্পিক এথলেটিকছত তৃতীয়টো পদক আহিল ভাৰতলৈ। অৱশ্যে প্রথম দুটা পদক লাভ কৰা নৰ্মান প্রিচার্ড আছিল ব্রিটিছ-ভাৰতীয়। তেওঁক বাদ দিলে নীৰজ চোপ্ৰাৰ জেভলিনত পদক জয় হৈছে ভাৰতীয় হিচাবে এথলেটিকছত প্রথম।

উল্লেখ্য, ১৯০০ চনত নৰ্মান প্রিচার্ডে পেৰিচ অলিম্পিকত এথলেটিকছত দুটা ৰূপৰ পদক লাভ কৰিছিল। ২০০ মিটাৰ দৌৰ আৰু ২০০ মিটাৰ হার্ডলছত তেওঁ পদক দুটা লাভ কৰিছিল। ব্যক্তিগত বিভাগত প্রিচার্ড আৰু নীৰজক বাদ দিলে মুঠ ১৮ জন ভাৰতীয়ই পদক জয় কৰিছে।
অলিম্পিকত ভাৰতৰ হৈ ব্যক্তিগত পদক বিজয়ীসকল :
১) কেডি যাদৱ (ব্রঞ্জ, কুস্তি, ১৯৫২)
২) লিয়েণ্ডাৰ পেজ (ব্রঞ্জ, টেনিছ, ১৯৯৬)
৩) কর্নম মালেশ্বৰী (ব্রঞ্জ, ভাৰোত্তোলন, ২০০০)
৪) ৰাজ্যবর্ধন সিং ৰাথোৰ (ৰূপ, শ্বুটিং, ২০০৪)
৫) অভিনৱ বিন্দ্রা (সোণ, শ্বুটিং, ২০০৮)
৬) বিজেন্দ্র সিং (ব্রঞ্জ, বক্সিং, ২০০৮)
৭) সুশীল কুমাৰ (ব্রঞ্জ, ২০০৮ আৰু ৰূপ ২০১২, কুস্তি)
৮) বিজয় কুমাৰ (ৰূপ, শ্বুটিং, ২০১২)
৯) ছাইনা নেহৱাল (ব্রঞ্জ, বেডমিন্টন, ২০১২)
১০) মেৰি কম (ব্রঞ্জ, বক্সিং, ২০১২)
১১) গগন নাৰাং (ব্রঞ্জ, শ্বুটিং, ২০১২)
১২) যোগেশ্বৰ দত্ত (ব্রঞ্জ, কুস্তি, ২০১২)
১৩) পিভি সিন্ধু (ৰূপ, ২০১৬ আৰু ব্রঞ্জ ২০২১, বেডমিন্টন)
১৪) সাক্ষী মালিক (ব্রঞ্জ, কুস্তি, ২০১৬)
১৫) মীৰাবাঈ চানু (ৰূপ, ভাৰোত্তোলন, ২০২১)
১৬) ৰবি কুমাৰ দাহিয়া (ৰূপ, কুস্তি, ২০২১)
১৭) লাভলীনা বৰগোহাঁই (ব্রঞ্জ, বক্সিং, ২০২১)
১৮) নীৰজ চোপ্ৰা (সোণ, জেভলিন, ২০২১)













