ডিফুঃ
ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযানৰ মাজতো অসম- নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত অব্যাহত ড্ৰাগছৰ সৰবৰাহ ৷ ড্ৰাগছ সৰবৰাহকাৰীৰ প্ৰতিটো ন, ন কৌশল আৰক্ষীয়ে প্ৰতিহত কৰি আহিছে যদিও অপৰাধী চক্ৰই অব্যাহত ৰাখিছে ড্ৰাগছৰ সৰবৰাহ ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি বোকাজানত ৪০ লাখ টকাৰ ড্ৰাগছ জব্দ।
জানিব পৰা মতে খটখটী আৰক্ষীৰ নাকা তালাচীত জব্দ ৬২.৫৫ গ্ৰাম হেৰ’ইন।নম্বৰবিহীন এখন অট’ত ৫ টা চাবোনৰ বাকচত আনিছিল ড্ৰাগছখিনি। ৩ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে খটখটি আৰক্ষীয়ে। ধৃত তিনি ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে মহিবুৰ ৰহমান, আবিদ হুছেইন, ইমাদুৰ হুছেইন।
আটাইৰে ঘৰ কৰিমগঞ্জত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। ডিমাপুৰৰ পৰা ৰেলেৰে কৰিমগঞ্জলৈ নিয়াৰ প্ৰস্তুতি চলিছিল ড্ৰাগছখিনি।