নিউজ ডেক্স:
নিজৰ সুৰক্ষা নিজেই বুজিব লাগিব ৷ মাস্ক পৰিধানৰ প্রয়োজনীয়তা নিজেই বুজিব লাগিব। —এই মত পোষণ কৰিলে ব্রিটেইন চৰকাৰে।
ইয়াৰ আগৰ মাহতেই লক্ডাউন সম্পূর্ণ ভাৱে তুলি দিয়াৰ কথাই ভাবিছিল ব্ৰিটেইনে। কিন্তু ডেল্টা ষ্ট্ৰেইনৰ প্রকোপত সেই সিদ্ধান্ত বাতিল কৰিব লগীয়া হ’ল। জানিব পৰা গৈছে, চলিত মাহৰ ১৯ তাৰিখে লক্ডাউন তুলি দিয়া হ’ব। তাৰ লগে লগে উঠাই লোৱা হ’ব সকলো ক’ৰ’না বিধিও ৷ ইয়াৰোপৰি বাধ্যতামূলক নহ’ব মাস্ক পৰিধানো।
হাউছিং ছেক্ৰেটেৰী ৰবাৰ্ট জেনৰিকে জনাইছে, ১৯ জুলাইত সম্পূর্ণ ভাৱে লক্ডাউন উঠাই লোৱাৰ কথা ভাবিছে চৰকাৰে। এইবাৰ সাধাৰণ জনতাৰ হাতত বিষয়টো এৰি দিয়া হ’ব। মাস্ক পৰিধান কৰিবনে নকৰে, তাৰ দায়িত্বও জনতাই ল’ব লাগিব।
ব্রিটিছ সংবাদমাধ্যমত এই ইঙ্গিতেই দিয়া হৈছে। কোৱা হৈছিল ক’ৰ’না-বিধি উঠাই লোৱাৰ কথা ভাবিছে বৰিছ জনছন চৰকাৰে । কিন্তু চৰকাৰৰ ফালৰপৰা দেশবাসীক সতৰ্ক কৰি দিয়া হৈছে–এইবাৰ আমি এটা নতুন যুগত প্রবেশ কৰিছো।
ভাইৰাছৰ সৈতে সহবাস কৰিবলৈ আমি শিকিব লাগিব। সাৱধানতা অৱলম্বন কৰিব লাগিব। নিজৰ দায়িত্ব নিজেই ল’ব লাগিব। কিন্তু সকলো সিদ্ধান্তই নির্ভৰ কৰিছে চৰকাৰৰ হাতলৈ অহা ক’ভিড-তথ্যৰ ওপৰত।
জার্মানী, ইটালী সহ ইউৰোপৰ একাধিক দেশে ইয়াৰ আগতেই মাস্ক পৰিধান কৰাৰ বিধি তুলি দিছে। টিকাকৰণৰ ফলতেই তেওঁলোকৰ এই ‘স্বাধীনতা দিৱস’ পালনৰ সিদ্ধান্ত বুলি জনাইছে ব্রিটেইনে।










