নিউজ ডেক্স:
মাৰণ ভাইৰাছ ক’ৰোনাই কাঢ়ি নিলে নিল ‘উৰন্ত শিখ’ মিলখা সিঙৰ প্রাণ। কৰোনা আক্রান্ত হৈ কিছু দিন ধৰি তেওঁ ভর্তি হৈ আছিল চণ্ডীগড়ৰ পিজিআই হস্পিটেলত। মাজতে তেওঁৰ কৰোনা পৰীক্ষাৰ ৰিপোর্ট নেগেটিভও আহে। কৰোনাৰ পৰা আংশিক সুস্থ হৈ হস্পিটেলৰ পৰা তেওঁ ৩০ মে’ ঘৰলৈও উভতিছিল।
কিন্তু শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত ৩ জুনত পুনৰ তেওঁক হস্পিটেলত ভর্তি কৰোৱা হয়। কিন্তু তাতো শেষ ৰক্ষা নহ’ল। পিজিআই হস্পিটেলতেই তেওঁ শেষ নিঃশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত মিলখা সিঙৰ বয়স হৈছিল ৯১।
উল্লেখ্য, তেওঁৰ পত্নী নির্মল কৌৰৰো কোভিড পজিটিভ হৈছিল। ৫ দিন পূৰ্বেই মৃত্যু হয় তেওঁৰ পত্নী নির্মল কৌৰৰ। ভাৰতবর্ষৰ অন্যতম শ্ৰেষ্ঠ দৌৰবিদ আছিল মিলখা সিং। দেশৰ হৈ প্রতিনিধিত্ব কৰি ৪ বাৰ এচিয়ান গেমছত চেম্পিয়ন হয়।
কমনৱেলথ গেমছতো চেম্পিয়ন হৈ স্বর্ণপদক লাভ কৰে তেওঁ। ৰোম অলিম্পিকত দেশৰ হৈ প্রতিনিধিত্ব কৰি চতুর্থ হৈছিল মিলখা সিং। মিলখা সিঙৰ মৃত্যুত গভীর শোক প্রকাশ কৰিছে দেশৰ ক্রীড়াবিদৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক নেতালৈকে।
প্রধানমন্ত্রী নৰেন্দ্র মোদী, উপ-ৰাষ্ট্রপতি বেঙ্কাইয়া নাইডুৰ পৰা ক্রিকেটাৰ যুৱৰাজ সিং, সকলোৱেই দেশৰ এইগৰাকী সৰ্বকালৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শ্রদ্ধা জ্ঞাপন কৰিছে।











