নিউজ ডেক্স:
ক’ৰোনাৰ বাবে ২২৩ বছৰীয়া ইতিহাসত দ্বিতীয়বাৰৰ বাবে ভাৰতৰ পৰা বাতিল হ’ল হজযাত্রা। মঙ্গলবাৰে বিবৃতি জাৰি কৰি ভাৰতৰ হজ কমিটিয়ে এই কথা জনাইছে। যোৱা বছৰো কৰোনাৰ ফলত হজযাত্রা বাতিল কৰা হৈছিল।
ভাৰতীয় হজ কমিটিয়ে জনাইছে, হজযাত্রা বাতিলৰ কাৰণ হ’ল, চৌডি আৰবৰ বাহিৰৰ কোনো দেশৰ নাগৰিকক তেওঁলোকৰ দেশত হজৰ অনুমতি দিয়া নাই।
চৌডি আৰবৰ উমৰাহ আৰু হজ মন্ত্ৰালয়ে জনাইছে, কেৱল তেওঁলোকৰ দেশৰ বাসিন্দাসকলেহে সীমিত সংখ্যাত (দেশৰ মাত্র ১৪৪২ জন) হজ কৰিব পাৰিব। বাহিৰৰ দেশৰ হজযাত্রীসকল দেশখনলৈ হজ কৰিব যাব নোৱাৰে। চৌডি চৰকাৰৰ সিদ্ধান্তক মান্যতা দি ভাৰতীয় হজ কমিটিয়ে ভাৰতৰ পৰা হজযাত্রা বাতিল কৰিলে।
উল্লেখ্য, এই বছৰ হজ পালনৰ সম্ভাব্য তাৰিখ ১৭ জুলাই। প্রতিবছৰে বিশ্বৰ প্রায় ২৫ লাখ মানুহে হজ পালন কৰিবলৈ চৌডি আৰবলৈ যায়। তাৰ ভিতৰত আনুমানিক ২ লাখ লোক যায় ভাৰতৰ পৰা। কিন্তু কৰোনাৰ ফলত ২০২০ চনত ২২২ বছৰত প্রথমবাৰ ভাৰতৰ পৰা বাতিল কৰা হৈছিল হজযাত্রা।










