নিউজ ডেক্স:
দেওবাৰে পুৱা কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্ৰকাশ কৰা পৰিসংখ্যা মতে, বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কোভিডত সংক্রমিত হৈছে ৮০ হাজাৰ ৮৩৪ জন। বিগত ২ এপ্রিলৰ পিছত এই প্রথম দৈনিক সংক্রমণ ইমান কম হ’ল। দেশত মুঠ আক্রান্তৰ সংখ্যা ২ কোটি ৯৪ লক্ষ ৩৯ হাজাৰ ৯৮৯।
সংক্রমণ বৃদ্ধিত কিছু গতিৰোধক আহিলেও, দৈনিক মৃত্যু এতিয়াও উদ্বেগজনক স্থানতেই আছে। অৱশ্যে শনিবাৰৰ ৪ হাজাৰোধিকৰ সলনি দেওবাৰে সেই সংখ্যা ৩ হাজাৰ ৩০৩ হৈছে। কেন্দ্রীয় পৰিসংখ্যা অনুযায়ী, কৰোনাৰ প্রকোপত সমগ্ৰ দেশত এই পর্যন্ত ৩ লক্ষ ৭০ হাজাৰ ৩৮৪ জন ৰোগীৰ মৃত্যু হৈছে।
আনহাতে, বিগত ২৪ ঘণ্টাত দৈনিক সংক্রমণৰ হাৰ হৈছে ৪.২৫ শতাংশ। বর্তমান দেশত সক্রিয় কৰোনা ৰোগীৰ সংখ্যা ১০ লক্ষ ২৬ হাজাৰ ১৫৯। বিগত ২৪ ঘণ্টাত ১ লক্ষ ৩২ হাজাৰ ৬২ জন কৰোনা ৰোগী সুস্থ হৈ উঠিছে।
আনহাতে, ৫ জুনৰ পিছত বিগত ২৪ ঘণ্টাত সকলোতকৈ বেছি টীকাকৰণ হৈছে দেশত। মুঠ ৩৪ লক্ষ ৮৪ হাজাৰ ২৩৯ জন নাগৰিকে টীকা লাভ কৰিছে। এই পর্যন্ত সমগ্ৰ দেশত টীকাকৰণৰ অধীনত অনা হৈছে ২৫ কোটি ৩১ লক্ষ ৯৫ হাজাৰ ৪৮ জন লোকক।