নিউজ ডেস্কঃ
চিটফাণ্ড এপৰ সহায়ত কোটি কোটি টকাৰ জালিয়াতি কৰি আৰক্ষীৰ জালত ১১জন। ধন বিনিয়োগ কৰি কম সময়ত বৃহৎ মুনাফা লাভৰ প্রলোভন দেখুৱাই প্রায় পাঁচ লাখ মানুহক ঠগাই ১৫০ কোটি টকাৰ জালিয়াতি কৰিছিল উক্ত গেংটোৱে। আশ্চর্যকৰ বিষয় যে এনে লোকক ঠগোৱাৰ কাৰবাৰ কৰিবলৈ নিৰ্মিত ‘পাৱাৰ বেঙ্ক’ নামৰ এপটি গুগল প্লে ষ্ট’ৰৰ অনুমোদিত।
দিল্লীৰ চাইবাৰ শাখাৰ ডিচিপি অন্বেষ ৰয়ে জনোৱা মতে, এপটিৰ সৃষ্টিকর্তা আৰু মালিকসকল চীনৰ বাসিন্দা। ছচিয়েল মিডিয়াত ‘পাৱাৰ বেঙ্ক’ আৰু ‘ইজি প্লেন’ নামৰ সংস্থাৰ বিৰুদ্ধে নিৰন্তৰ অভিযোগ পাইছিল চাইবাৰ শাখাই। কোনো কোনোৱে লক্ষ লক্ষ টকা হেৰুওৱাৰ অভিযোগ কৰিছে। ইয়াৰ ভিতৰত পাৱাৰ বেঙ্ক এপটি স্বাভাৱিকতে ট্রেন্ডিং, বহু মানুহে ইয়াক তেওঁলোকৰ স্মার্টফোনত ডাউনলোড কৰিছে।