ASSAM TIMES POST
নতুন দিল্লীঃ প্ৰসিদ্ধ আইনজীৱী আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাম জেঠমালিনীয়ে দেওবাৰে পুৱা দিল্লীস্থিত বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৫ বছৰ। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত দেহাৱসান ঘটা বৰ্ষীয়ান উকীল-ৰাজনীতিকজনে মৃত্যুৰ সময়ত পুত্ৰ-কন্যাক ইহ-সংসাৰত এৰি থৈ যায়।
১৯২৩ চনৰ ১৪ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা জেঠমালিনী আছিল দেশৰ এগৰাকী সৰ্বাধিক ‘পেইড’ অধিবক্তা। তেওঁ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন কেবিনেটৰ আইন আৰু নগৰ উন্নয়ন মন্ত্ৰী আছিল। বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ অধ্যক্ষ হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোক প্ৰকাশ কৰিছে।
তেওঁৰ মৃত্যুত অসমে এজন সুহৃদক হেৰুৱালে। বিশেষত অসমৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যাটোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি আহিছিল জেঠমালিনীয়ে। ইয়াৰ ফলত অসমৰ খিলঞ্জীয়া লোকৰ ওপৰত কেনে ঋণাত্মক প্ৰভাৱ পৰিব, সেই সম্পৰ্কত তেওঁ কেইবাটাও প্ৰৱন্ধ লিখি থৈ গৈছে।












