ASSAM TIMES POST
গুৱাহাটীঃ জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ সদ্য মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ কাঞ্চনজংঘাৰ উপাৰ্জন তেওঁৰেই মিছন চাইনাতকৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কিয়নো ৬ ছেপ্টেম্বৰত চলচ্চিত্ৰখনৰ মুক্তিৰ দিনাই ৪০ লাখ টকা উপাৰ্জন হয়।
জুবিন গাৰ্গ পৰিচালিত-অভিনীত পূৰ্বৰ ছবি মিছন চাইনাই মুক্তিৰ দিনাই প্ৰায় ৩৯ লাখ ৮০ হাজাৰ টকা সংগ্ৰহ কৰিছিল। উল্লেখ্য ৰাজ্যৰ সকলো চলচ্চিত্ৰ গৃহতে দেওবাৰলৈকে কাঞ্চৰজংঘাৰ নামত সকলো টিকটৰ বিক্ৰী বৃহস্পতিবাৰেই শেষ হৈ পৰে। ৰাজ্যৰ বাহিৰেও দেশৰ ভিন্ন ৰাজ্যৰ কেইবাটাও ছবিগৃহত চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছে।