ছছিয়েল মিডিয়া বা সামাজিক মাধ্যম হৈছে বৰ্তমান সময়ত মত প্ৰকাশৰ এক মুকলি প্লেটফৰ্ম, য’ত কোনো বাধা নোহোৱাকৈ প্ৰত্যেকেই নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে ৷ যোৱা বহু সময়ত সামাজিক মাধ্যমে জনমত গঠনত এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা লোৱাও দেখা গৈছে ৷
পিছে এইবাৰ ফেচবুক আৰু টুইটাৰক নাকি লগোৱাৰ চেষ্টা কৰিছে কেন্দ্ৰই ৷ সচেতন মহলে এই সিদ্ধান্তক বিজেপি চৰকাৰৰ গাডী সুৰক্ষাৰ হেতু ৰচা ষড়যন্ত্ৰ বুলি ক’বলৈ বিচাৰিছে ৷ জনতাৰ মত প্ৰকাশত নাকি লগাই এয়া গণতান্ত্ৰিক দেশ এখনত জনতাৰ চূড়ান্ত অধিকাৰ খৰ্ব নহয়নে?
কেন্দ্রৰ বৈদ্যুতিক আৰু তথ্যপ্ৰযুক্তি মন্ত্ৰালয়ে পত্ৰৰ জৰিয়তে কেন্দ্ৰৰ নতুন বিধি মানিবলৈ ফেচবুক, হোৱাটছএপ্ আৰু টুইটাৰৰ দৰে সামাজিক যোগাযোগ মাধ্যম ৰাজি হয়নে নহয় সম্ভৱ হ’ল অতি শীঘ্রে আজিয়েই জনাবলৈ কৈছে ৷ কেন্দ্ৰৰ নিৰ্দেশনা নামানিলে হয়তো ভাৰতত বন্ধ হ’ব এই সমূহ সামাজিক মাধ্যম ৷
নতুন বিধি অনুসৰি, ভাৰতৰ সার্বভৌমত্ব, সুৰক্ষা আৰু আইনশৃঙ্খলা লঙ্ঘন কৰা বার্তা ক’ৰপৰা পঠোৱা হৈছে, সেয়া জানিব লাগিব চৰকাৰে। আইনী নির্দেশনাৰ ৩৬ ঘণ্টাৰ ভিতৰত সংশ্লিষ্ট বার্তা মুছি পেলাব লাগিব । সকলো ধৰণৰ অভাৱ-অভিযোগৰ বাবে নিয়োগ কৰিব লাগিব এজন বিষয়া। নোডাল অফিচাৰ, অভিযোগ সংক্রান্তীয় কোষৰ বিষয়াৰ নাম-যোগাযোগৰ তথ্য আৰু ভাৰতৰ কোম্পানীৰ কাৰ্যালয়ৰ ঠিকনা জনাব লাগিব চৰকাৰক।
চৰকাৰী নিৰ্দেশনাক চেলেঞ্জ কৰি আদালতত গোচৰ তৰিছে হোৱাটছ্এপে। ইয়াৰ বিপৰীতে, ফেচবুক আৰু গুগলে সম্মতি দিছে। আনহাতে, বৰ্তমানলৈকে টুইটাৰে নিজৰ অৱস্থান স্পষ্ট কৰা নাই ৷ বিষয়টো সন্দৰ্ভত ব্যাপক আলোচনা চলিছে ফেচবুক, টুইটাৰত।










