নিউজ ডেস্কঃ
ভাৰত ম্যানমাৰ সীমান্তত নগা বিদ্ৰোহী সংগঠনেৰে হোৱা সংঘৰ্ষত ছহিদ হৈছে আছাম ৰাইফলচৰ এগৰাকী জোৱানৰ লগতে আহত হৈছে দুগৰাকীকৈ জোৱান। সীমান্তৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগে থকা লগতে অৰুণাচল প্ৰদেশৰ নামপং ৰাজহ চক্ৰৰ লংভি গাঁৱৰ প্ৰায় ৮-৯ কিলোমিটাৰ দূৰত্বত অৱস্থিত ১৭২ নং সীমান্তৰ চকীৰ অন্তৰ্গত এলেকাত এনএচচিএন গোটে অভিযানকাৰী আছাম ৰাইফলচৰ ওপৰত কৰা গুলীবৰ্ষণৰ ফলতে সংঘৰ্ষৰ সূত্ৰপাত হয়। এই গুলীবৰ্ষণত ১৯নং আছাম ৰাইফলচৰ চাকমা ছহিদ হোৱাৰ বিপৰীতে আহত হৈছে ৰাইফলমেন বলদেৱ আৰু বাবলু। দুয়োগৰাকী জোৱানক হেলিকপ্তাৰেৰে উদ্ধাৰ কৰি সামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হোৱাৰ সমান্তৰালকৈ দুয়োগৰাকী সংকটমুক্ত বুলি ইতিমধ্যে জানিব পৰা গৈছে।
নিৰাপত্তা সংস্থাসমূহৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিদ্ৰোহী সংগঠন অৰ্থাৎ এনএচচিএন(খাপলাং-য়ুং আং)ৰ কামাণ্ডাৰ এচএচ মেজৰ মাকাম হাচেঙৰ নেতৃত্বত অহা এটা দলে আছাম ৰাইফলছৰ অভিযানকাৰী দলটোৰ ওপৰত এম্বুশ চলায়। ইফালে সংঘৰ্ষস্থলীৰ পৰা অভিযানকাৰী দলটোৱে প্ৰায় ১০ লাখৰ টকাৰ বৃহৎ পৰিমাণৰ হিৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। চাংলাং জিলাৰ আৰক্ষী অধীক্ষক মিহিন গাম্ব’ৱে গোটেই দিনটো বিদ্ৰোহী গোটটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হৈছে বুলি মন্তব্য কৰি অভিযানৰ সবিশেষ তথ্য সদৰী কৰাৰ পৰা বিৰত থাকে। উল্লেখ্য যে, বিগত বৰ্ষৰ অক্টোবৰ মাহতো ভাৰত-ম্যানমাৰ সীমান্তৰ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মানমাও পথৰ চেনমৌ গাঁৱত নগা বিদ্ৰোহী গোটৰ সৈতে হোৱা এক সংঘৰ্ষত ১৯ আছাম ৰাইফলছৰ দুগৰাকী জোৱান ছহিদ হোৱাৰ লগতে কেবাজনো জোৱান আহত হৈছিল।