ASSAM TIMES POST
নতুন দিল্লীঃ আইএনএক্স মিডিয়া কেলেংকাৰিৰ গোচৰত বৃহস্পতিবাৰে আদালতে দিল্লীৰ তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আৰু প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰমে ইয়াতে পালন কৰিব লাগিব তেওঁৰ জন্ম দিন।
যিহেতু তেওঁ ১৯ ছেপ্টেম্বৰলৈকে এই জেলত থাকিব লাগিব, সেয়েহে ১৬ ছেপ্টেম্বৰত নেতাজনৰ ৭৪ সংখ্যক জন্ম দিন ইয়াতে পালন কৰাৰ বাহিৰে কোনো গত্যন্তৰ নাথাকিব। প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে কাৰাগাৰৰ প্ৰথমটো নিশা আন কয়দীৰ দৰে মাটিত শুবলগীয়া হয় চিদাম্বৰম।
তেওঁৰ পুত্ৰ কাৰ্তি চিদাম্বৰমো এই কাৰাগাৰখনত পূৰ্বে কয়দী হিচাপে আছিল। শুকুৰবাৰে পুৱা শুই উঠি চিদাম্বৰমে চাহ-বিস্কুটেৰে ব্ৰেকফাষ্ট কৰে।












