ASSAM TIMES POST
গুৱাহাটীঃ অসমৰ এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰই সম্প্ৰতি পদপথত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে। জানিবপৰা মতে প্ৰয়াত প্ৰাক্তন মন্ত্ৰী দুলাল বৰুৱাৰ পুত্ৰ জান বৰুৱাই গুৱাহাটীৰ হেঙেৰাবাৰী হাউছিং কলনীৰ ওচৰৰ পদপথত বহুদিন ধৰি আশ্ৰয় গ্ৰহণ কৰি আছে।
মন কৰিবলগীয়া কথাটো এয়ে যে ইয়াৰ সমীপৱৰ্তী প্ৰটেক্ট ৰেচিডেঞ্চীত জান বৰুৱাৰ পৰিয়াল থাকে যদিও, তেওঁৰ প্ৰতিহে পৰিয়ালৰ লোকে ভ্ৰুক্ষেপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।
এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰৰ এই অৱস্থা দেখি একাংশ হৃদয়ৱান লোকেহে ৰাতি পদপথতে শান্তিৰে শুৱলৈ আঁঠুৱাৰ ব্যৱস্থা কৰি দিছে। প্ৰাক্তন মন্ত্ৰী এজনৰ পুত্ৰৰ জীৱনৰ অন্তিম সময়ত এনে অৱস্থাই চকু সেমেকাই তুলিছে প্ৰতিজন প্ৰত্যক্ষদৰ্শীৰ।
উল্লেখ্য যে প্ৰয়াত প্ৰাক্তন মন্ত্ৰী দুলাল বৰুৱা আছিল জনতা দল (ইউনাইটেড)ৰ অসমৰ সভাপতি। প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰা নেতৃত্বাধীন চৰকাৰৰ উপ মুখ্যমন্ত্ৰী আৰু গড়কাপ্তানি মন্ত্ৰী আছিল দুলাল বৰুৱা। ২০০৮ চনত তেওঁৰ দেহাৱসান ঘটিছিল।