ASSAM TIMES POST
নতুন দিল্লীঃ আইএনএক্স মিডিয়া কেলেংকাৰিৰ গোচৰত অভিযুক্ত প্ৰাক্তন কেন্দ্ৰীয় গৃহ আৰু বিত্তমন্ত্ৰী পি চিদাম্বৰমক বৃহস্পতিবাৰে তিহাৰ জেললৈ প্ৰেৰণ কৰে দিল্লীৰ এখন আদালতে।
সেয়ে ১৯ ছেপ্টেম্বৰলৈকে তেওঁ দিল্লীৰ তিহাৰ কাৰাগাৰতে থাকিব লাগিব।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চিবিআয়ে চিদাম্বৰমক ১৫ দিনীয়া ৰিমাণ্ড ওকলাৰ পৰিপ্ৰেক্ষিতত আদালতত হাজিৰ কৰাইছিল।












