নিউজ ডেস্কঃ
প্রতিশোধ ল’বলৈ ১০০ মাতৃক কন্দুৱাব বিচাৰিছিল তেওঁ। নিজৰ মতে সেয়ে ধর্ষণৰ পিছত ১০০ শিশুক হত্যা কৰে। জাভেদ ইকবাল নামৰ বিকৃত মানসিকতাৰ এই হত্যাকাৰীজনক বিশ্বৰ সকলোতকৈ ভয়ানক ‘ছিৰিয়েল কিলাৰ’ বোলা হয়। অৱশ্যে এটা সময়ত অতি নম্ৰ আছিল জাভেদৰ জীৱন। পিতৃ আছিল অতি ধনাঢ্য ব্যক্তি। তেওঁ আছিল ষ্টক মার্কেটৰ ব্যৱসায়ী। সুখতেই কাটিছিল তেওঁৰ জীৱন। কিন্তু ধর্ষণৰ এক গোচৰত তেওঁ জে’ললৈ যাবলগা হয়। কান্দি-কাটি মৃত্যু হয় তেওঁৰ মাতৃৰ। এটা পর্যায়ত তেওঁৰ মূৰত হত্যাৰ নিচাই বাহ বান্ধে। নিজৰ মাতৃৰ মৃত্যুৰ প্রতিশোধ ল’বলৈ ১০০ মাতৃক কন্দুৱাবলৈ তেওঁ প্রতিজ্ঞা কৰে।
ভয়ানক সেই প্রতিজ্ঞা পূৰণ কৰিবলৈ ৬-১৬ বছৰ বয়সীয়া শিশুসকলক লক্ষ্য কৰি লৈছিল তেওঁ। শিশুসকলক আকৃষ্ট কৰিবলৈ এখন ভিডিও গেমছৰ দোকান খুলিছিল জাভেদে। সস্তাত বা বিনামূল্যে গেমছ খেলাৰ টোকেন দিয়া হৈছিল তাত। এনেদৰেই স্থানীয় শিশুসকলৰ ওচৰত অতি জনপ্রিয়তা লাভ কৰে দোকানখনে।
ইয়াৰ পিছত সেই শিশুসকলক বিভিন্ন ধৰণে ফান্দত পেলাই ধৰ্ষণ কৰাৰ লগতে হত্যা কৰিছিল৷ কিন্তু বেছিদিন ভিডিও গেমছৰ দোকান তেওঁ চলাব পৰা নাছিল। ইয়াৰ পিছত দুখীয়া, পদপথৰ শিশুসকলক তেওঁ লক্ষ্য কৰি লয়। আনহাতে, চিঠি আদান-প্ৰদানৰ জৰিয়তে পত্রবন্ধুত্বও পাতে বহুতৰ সৈতে। তেওঁলোকৰ মন জয় কৰিবলৈ পঠায় বিভিন্ন দামী উপহাৰ।
পিছত সেই শিশুসকলক নিজৰ ছবি পঠাবলৈ কৈছিল। তাৰ পৰাই যিসকলক তেওঁ সকলোতকৈ আকর্ষণীয় পাইছিল, তেওঁলোকক ফান্দত পেলাই অপহৰণ কৰিছিল জাভেদে।
অপহৰণ কৰি সেইসকল শিশুক নিজৰ শাদবাগৰ ঘৰলৈ লৈ গৈছিল জাভেদে। তাৰ পিছত উক্ত শিশুসকলক ধর্ষণ কৰি শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল। কেৱল সিমানেই নহয়, মৃতদেহবোৰ কাটি টুকুৰা-টুকুৰ কৰি তাত হাইড্রোক্লোৰিক এচিড ঢালি গলাই দিছিল।
এটা বছৰৰ ভিতৰতেই নিজৰ মিছন শেষ কৰি ১৯৯৯ চনৰ ৩০ ডিচেম্বৰত ধৰা দিয়ে জাভেদে। কিন্তু পোনপটীয়াকৈ আৰক্ষীৰ ওচৰলৈ ন’গৈ উর্দু সংবাদ-পত্র ডেইলি জঙৰ কাৰ্যালয়ত উপস্থিত হৈছিল তেওঁ। তাত উপস্থিত হৈ নির্লিপ্তভাবে তেওঁ কৈছিল, মই জাভেদ ইকবাল, ১০০টি শিশুৰ হত্যাকাৰী৷
এই ঘটনা পোহৰলৈ অহাৰ লগে লগেই পাকিস্তানত ব্যাপক ক্ষোভৰ উদ্গীৰণ হয়। জাভেদকো শিশুসকলক যেনেদৰে হত্যা কৰিছিল, তেনেদৰে হত্যাৰ দাবী তোলে জনতাই। পিছত ২০০০ চনৰ ১৬ মার্চত ন্যায়াধীশ আল্লাহ বক্সৰ প্রাথমিক ৰায়ত মানুহৰ ক্ষোভিত আকাঙ্ক্ষাৰেই প্রতিফলন ঘটে।
ৰায়ত তেওঁ কয়, জাভেদ ইকবাল ১০০টা হত্যাৰ দোষত দোষী সাব্যস্ত হৈছে। তেওঁক ১০০ বাৰ শ্বাসৰুদ্ধ কৰি হত্যা কৰা হ’ব। ইয়াৰ পিছত তেওঁৰ শৰীৰক ১০০ টুকুৰা কৰি সেইবোৰ এচিডত দ্রবীভূত কৰা হ’ব। অৱশ্যে এই ৰায় বাস্তৱায়নৰ পূৰ্বেই আত্মহত্যা কৰে এইগৰাকী নৃশংস হত্যাকাৰীয়ে।