নিউজ ডেক্স:
ক’ভিডৰ দ্বিতীয় ঢৌত জর্জৰিত ভাৰত আৰু দক্ষিণ আফ্রিকাত ভেক্চিনৰ উৎপাদন বৃদ্ধি কৰিবলৈ আমেৰিকাৰ ঔষধ প্রস্তুতকাৰী আৰু বায়োটেক কোম্পানীসমূহক ভেক্চিন নিৰ্মাণৰ প্রণালীৰ ওপৰত পেটেন্ট বা মেধাস্বত্বৰ অধিকাৰ সাময়িকভাৱে শিথিল কৰাৰ বাবে বিশ্ব বাণিজ্য সংস্থাক (WTO) অনুৰোধ কৰিছে দুই দেশে।
এইবাৰ সেই প্রস্তাৱত সন্মতি জনালে আমেৰিকাই। বাইডেন প্রশাসনৰ এই সিদ্ধান্ত ভাৰতৰ কূটনৈতিক জয় বুলি মানিছে আন্তর্জাতিক মহলে। বুধবাৰে জো-বাইডেনৰ প্রশাসনৰ মার্কিন বাণিজ্য প্রতিনিধি কেথেৰিন টাইয়ে জনাইছে, ‘বিশ্বজুৰি ক’ৰ’নাৰ দ্বিতীয় ঢৌত যি সংকট চলিছে তাত বাধা দিবলৈ এই সিদ্ধান্ত লৈছে আমেৰিকাই।
ভেক্চিন নিৰ্মাণৰ ওপৰত IPR (Intellectual Property Rights) বা মেধাস্বত্বৰ অধিকাৰ তুলি লোৱা হ’লেও প্ৰশ্ন কৰাৰ অধিকাৰ ৰাখিব মার্কিন প্রশাসনে। সাময়িকভাৱে প্রত্যাহাৰ কৰা হ’লেও ভৱিষ্যতে এই অধিকাৰ দৃঢ়ভাৱে ৰক্ষা কৰিব আমেৰিকাই।’
উল্লেখ্য, বিগত বহু সপ্তাহ ধৰি আমেৰিকাত ভাৰতৰ ৰাষ্ট্রদূত তৰণজিৎ সিং সান্ধু আৰু দক্ষিণ আফ্রিকাৰ অন্যান্য কূটনীতিবিদসকলে বিভিন্ন মার্কিন আইন-প্রণেতা আৰু শীর্ষ আধিকাৰি সকলৰ সৈতে ভেক্চিনৰ ওপৰত স্বত্ব তোলাৰ অনুৰোধেৰে বৈঠক কৰিছিল। বুধবাৰে আমেৰিকাৰ ঘোষণাত বৈঠক সফল হয়।
সান্ধুৱে জনাই, “ক’ভিড ভেক্চিনৰ ওপৰত মার্কিন পেটেন্ট প্রত্যাহাৰৰ সিদ্ধান্তক আমি স্বাগতম জনাইছো।” ইয়াৰ পূৰ্বে ডেমোক্রেটসকলৰ এটা বৃহৎ অংশই ৰাষ্ট্ৰপতিক চিঠি লিখি পেটেন্ট প্রত্যাহাৰৰ প্রস্তাৱ আগবঢ়াইছিল। বিৰোধীদল ৰিপাব্লিকানসকলে অৱশ্যে এই কাৰ্যৰ বিৰোধিতা কৰিছে। ভৱিষ্যতে মুনাফা কমিব পাৰে এই আশঙ্কাত বিৰোধিতা কৰে সেই দেশৰ বৃহৎ ঔষধ প্রস্তুতকাৰী কোম্পানীসমূহেও।
বাইডেনৰ এজন উপদেষ্টা এণ্ঠনি ফাউচিয়ে কয় যে,”ব্যৱসায় চলি থাকিবলৈ কোম্পানী সমূহৰ স্বার্থ ৰক্ষাৰ বিষয়ে আমি সকলো সময়তে শ্রদ্ধাশীল। কিন্তু কেৱল স্বার্থ ৰক্ষা কৰাৰ অজুহাতত প্রাণ ৰক্ষাকাৰী ভেক্চিন পোৱাৰ সুযোগৰ পৰা জনগণক, যিসকলৰ এই ভেক্চিন প্ৰয়োজন, তেওঁলোকক বঞ্চিত কৰিব নোৱাৰি।
বিশ্বজুৰি মানুহৰ মৃত্যু হৈছে, কাৰণ তেওঁলোকৰ ভেক্চিন পোৱাৰ সুযোগ নাই, যি সুবিধা ধনী সকলৰ আছে। আপুনি এই কাৰ্য কৰিব নোৱাৰিব ।” আনহাতে আন্তর্জাতিক মহলৰ মতে, আমেৰিকাৰ এই সিদ্ধান্তৰ ফলত ভাৰতত ক’ৰ’না ভেক্চিনৰ যোগান বৃদ্ধি পাব। তেওঁলোকৰ এই সম্মতিৰ ফলত বিশ্ব বাণিজ্য সংস্থাই ভাৰত আৰু দঃ আফ্রিকাৰ প্রস্তাৱত অনুমোদন পোৱাত সহজ হৈ পৰিল।










