স্বাস্থ্য প্ৰতিবেদন:
সুস্বাস্থ্যৰ বাবে কিছমিছ খোৱাৰ পৰামর্শ দিয়া হয়। কিন্তু ক’লা ৰঙৰ কিছমিছ শৰীৰৰ বাবে অতি ভাল হিচাপে বিবেচিত হয়। উল্লেখযোগ্য যে কমলা ৰঙৰ কিছমিছ সেউজীয়া আঙ্গুৰৰ পৰা তৈয়াৰ কৰা হয়।
একেদৰে ক’লা আঙ্গুৰৰ পৰা ক’লা কিছমিছ তৈয়াৰ কৰা হয়। পটাচিয়াম, ফাইবাৰ, পলিফেনলছ, প্রোটিন, এন্টি-অক্সিডেন্টৰ দৰে ক’লা কিছমিছৰ প্রচুৰ পুষ্টি উপাদান পোৱা যায়। সুস্বাস্থ্যৰ বাবে এইক্ষেত্রত অৱশ্যেই ক’লা কিছমিছ খাব লাগে।
ক’লা কিছমিছ খালে শৰীৰৰ হাড় শক্তিশালী হয়। কাৰণ বোৰন খনিজ প্রচুৰ পৰিমাণে ক’লা কিছমিছত পোৱা যায়, যি হাড়ক মজবুত কৰি ৰাখিবলৈ উপকাৰী হিচাপে বিবেচিত হয়।
শৰীৰত ৰক্তৰ অভাৱ নহয় :
শৰীৰত ৰক্ত বৃদ্ধি কৰিবলৈ ক’লা কিছমিছ খাব লাগে। কাৰণ ক’লা কিছমিছ খালে ৰক্তাহীনতা এৰাই চলিব পৰা যায়। ক’লা কিছমিছত প্রচুৰ পৰিমাণে আয়ৰন থাকে। এই ক্ষেত্রত অৱশ্যেই ক’লা কিছমিছ খাব লাগে।
কোলেষ্টেৰল নিয়ন্ত্রণ :
ক’লা কিছমিছে কোলেষ্টেৰলৰ মাত্রা নিয়ন্ত্রণত ৰাখে। কাৰণ গৱেষণা অনুসৰি এনে ঔষধি গুণবোৰ ক’লা কিছমিছত পোৱা যায় যিয়ে কোলেষ্টেৰলৰ মাত্রা হ্রাস কৰে। ইয়াৰ উপৰি ক’লা কিছমিছে ৰক্তত থকা ফেট কমোৱাটো সহায় কৰে। সেয়ে কোলেষ্টেৰলৰ সমস্যা থকাসকলে ক’লা কিছমিছ খাব পাৰে।
ক’লা কিছমিছে ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে :
ক’লা কিছমিছ খোৱাৰ ফলত ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি হয়। ক’লা কিছমিছে ৰোগৰ সম্ভাৱনা হ্রাস কৰিব পাৰে। কিছমিছ খালে ৰোগ প্রতিৰোধ ক্ষমতা অধিক উন্নত হয়। ক’লা কিছমিছক ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰা ভিটামিন চি সমৃদ্ধ খাদ্য বোলা হয়।