ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ২৩৮১৮ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৩৮৫ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১০৯৯জন কামৰূপ মেট্ৰ’ৰ, ১৮১জন তিনিচুকীয়াৰ, ১৪৮জন ডিব্ৰুগড়ৰ আৰু ৯০জন নগাঁৱৰ। দেওবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ১০.০১ শতাংশ।
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৫৮৯৬১ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৪৫৫১ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে দেওবাৰে সুস্থ হৈছে ২৮৩১জন লোক। আনহাতে, দেওবাৰে ৰাজ্যত ক’ৰোনাত আক্ৰান্ত ৩০জনকৈ লোকৰ মৃত্যু হয়।উল্লেখ্য যে ৰাজ্যত সুস্থৰ হাৰ ৮৯.৬ শতাংশ।












