অজন্তা তালুকদাৰ:
বোকাখাত : নুমলীগড়ৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। তিনিখন গাড়ী ক্ৰমে ট্ৰাক, মেজিক আৰু এখন টাটা ছাফাৰীৰ মাজত সংঘৰ্ষ। এই দুৰ্ঘটনাত দুজন থিতাতে নিহত হয়।
নিহত কেইজনৰ ভিতৰত এজন ৰজাবাৰীৰ জগত শইকীয়া বুলি জানিব পৰা গৈছে। আনজন এতিয়াও চিনাক্ত হোৱা নাই।ইফালে টাটা ছাফাৰীখন তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ গৈ আছিল। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে।