ডিফুঃ
অাজি পূৱা ৮ বজাত পাহাৰীয়া জিলাখনৰ সদৰ চহৰ ডিফুৰ চেমচনচিং ইংতি মেমৰিয়েল পাৰ্কৰ পৰা কাৰ্বি অাংলং মটৰ চাইকেল ক্লাৱৰ উদ্দ্যোগত এক ৰাইডিং অভিযান অাৰম্ভ কৰিছে কাৰ্বি অাংলং বাইক ৰাইডাৰ সকলে।
অ’ল ইণ্ডিয়া ৰাইডাৰ সংস্থা, অাৰকা অাদি ৰাইডাৰ সংস্থা সমূহৰ সহযোগত চুমিলা হত্যাৰ ঘটনাস্থলী ৰহাৰ খাইগড়ত অাজি শ্ৰমিক দিৱসৰ দিনাই উপস্থিত হব লগীয়া দলটোৰ মূৰব্বী সকলে কয় যে কিশোৰী চুমিলা হত্যাত তেওঁলোক খুবেই মৰ্মাহত, এই যাত্ৰাৰ দ্বাৰা তেওঁলোকে ৰাইজক বাৰ্তা দিব বিচাৰিছে যাতে ভৱিষ্যতে অাৰু এনে ধৰণৰ ঘটনা অাৰু নহওঁক।
শিক্ষাৰ নামত শিশু শ্ৰমিক হিচাপে ব্যৱহৃত হৈ থকা কণমানি কিশোৰ কিশোৰী সকলৰ ভৱিষ্যত যাতে বেটী বচাও, বেটী পঢ়াও জৰিয়তে চৰকাৰে যাতে ব্যৱস্থা লয় তাকো চৰকাৰক অাহ্বান জনাই কয়যে অল ইণ্ডিয়া ৰাইডিং সংস্থাও চুমিলাৰ হ্ত্যাত মৰ্মাহত, কভিদৰ বাবে অাহিব নোৱাৰিলেও তেওঁলোকে শোকবাৰ্তা প্ৰেৰণ কৰিছে, ইয়াৰ উপৰিও অামাৰ চুবুৰীয়া বিদেশী ৰাষ্ট্ৰ নেপাল, ভূটান অাৰু নৰ্থইষ্টৰ সকলোখিনি চুবুৰীয়া ৰাজ্যৰ বাইক ৰাইডাৰ সকলো মৰ্মাহত হৈ শোক বাৰ্তা প্ৰেৰণ কৰিছে।
কাৰ্বি অাংলং ৰাইডাৰ গ্ৰুপৰ মূৰব্বী সকলে সংবাদ মাধ্যমক ধন্যবাদ জনাই ৰাইজলৈ অাহ্বান কৰি কয় যে সকলোৱে যাতে শান্তি সম্প্ৰতি বজাই ৰাখে, অামাৰ মাজত মৰম চেনেহ বৰ্তাই ৰাখে, সকলো জাতি জনগোষ্ঠীক যাতে সন্মান দিয়ে, শেষত চুমিলা হত্যাৰ উচিত তদন্ত কৰি যাতে ন্যায় প্ৰাপ্তি হয় তাকেই কামনা কৰি তেওঁলোকে বাইক ৰাইডিং অাৰম্ভ কৰে।